চৰকাৰী বিজ্ঞাপনত মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰৰ বাবে ল’ব লাগিব অনুমতি, নিৰ্দেশনা জাৰি

এতিয়াৰে পৰা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো কোনো কাৰণত অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো চৰকাৰী বিজ্ঞাপনত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

বৃহস্পতিবাৰে ৰাজ্যৰ তথ্য, জনসংযোগ আৰু প্ৰিন্টিং এণ্ড ষ্টেচনাৰী বিভাগৰ সচিব নীৰা গগৈ সোণোৱালে জাৰি কৰে এক নিৰ্দেশনা।

এই নিৰ্দেশনাত কোৱা হয় যে চৰকাৰী বিজ্ঞাপন, ষ্টেণ্ডী, বিলব’ৰ্ডছ আদিত মুখ্যমন্ত্ৰীৰ ফ’টো ব্যৱহাৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি লোৱাটো এতিয়াৰে পৰা অপৰিহাৰ্য৷

এই নিৰ্দেশনা সকলো বিভাগৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত৷

শেহতীয়াভাৱে লাভলীনাক আদৰণি জনোৱা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱসৰ বেনাৰক লৈ ৰাজ্যত সৃষ্টি হৈছিল বিতৰ্কৰ। ছ’চিয়েল মিডিয়াচ তুমুল সমালোচনাৰ সন্মুখিন হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ইয়াৰ পাছতে এই নিৰ্দেশনা জাৰি কৰা হয়।

Leave a Comment