অসম

অসমৰ গ্ৰন্থ প্ৰকাশন জগতৰ অগ্ৰণী ব্যক্তি গিৰিপদ দেৱচৌধুৰীদেৱৰ বিয়োগ, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…

অসমৰ গ্ৰন্থ প্ৰকাশন জগতৰ অগ্ৰণী ব্যক্তি গিৰিপদ দেৱচৌধুৰীদেৱৰ বিয়োগ।

অসমৰ গ্ৰন্থ প্ৰকাশন জগতৰ এগৰাকী অগ্ৰণী ব্যক্তি, লিখক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি গিৰিপদ দেৱচৌধুৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লিখিছে- অসমৰ গ্ৰন্থ প্ৰকাশন জগতৰ অগ্ৰণী ব্যক্তি গিৰিপদ দেৱচৌধুৰীদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ ৷ ৰাজ্যত গ্ৰন্থ আন্দোলন জনপ্ৰিয় কৰাত তেখেতে লোৱা ভূমিকা সমাজ সচেতন প্ৰতিগৰাকী লোকে শ্ৰদ্ধাৰে স্মৰণ কৰিব ৷ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

তেখেতে বহুসংখ্যক মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰি বৌদ্ধিক আন্দোলনৰ সূচনাৰ দিশত বিশেষ বৰঙণি যোগাই গৈছে।

এইগৰাকী বিশিষ্ট গ্ৰন্থ প্ৰকাশকৰ বিয়োগ ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।

Leave a Reply

Your email address will not be published. Required fields are marked *