অসম

তিনি কৃষি আইন বাতিল সন্দৰ্ভত কৃষক নেতা অখিল গগৈৰ প্ৰতিক্ৰিয়া…

কৃষকৰ প্ৰতিবাদত অৱশেষত সেও মানি কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিলে তিনি বিতৰ্কিত কৃষি আইন।

কৃষি আইন বাতিলৰ ঘোষণাৰ পাছতেই কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সংবাদমেল।

সংবাদমেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আইন প্ৰত্যাহাৰক লৈ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

আন্দোলন কৰা কৃষক মৰ্চাৰ মূল কমিটিৰ সদস্যৰূপে অখিল গগৈয়ে কয় যে, যদিও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আইন বাতিলৰ কথা ঘোষণা কৰিছে তথাপিও সংসদত আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব।

নূন্যতম মূল্যৰ প্ৰসংগতো চৰকাৰৰ লগত কথা পাতিব লগা আছে বুলি ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে।

এই বাতিল কৃষক ৰাইজৰ জয় বুলি অভিহিত কৰি বিধায়ক গৰাকীয়ে অসমৰ কা বিৰোধী আন্দোলন কৰা জাতীয় সংগঠনৰ নেতাৰ আপোচৰ বাবে বিফল হ’ল বুলি উল্লেখ কৰে।

লগতে অসমৰ ৰাইজক পুনৰ কা আন্দোলনত ভাগ ল’বলৈ আহবান জনায়।

আগন্তুক উত্তৰ প্ৰদেশ, পঞ্জাৱ আদি ৰাজ্যত হবলগীয়া নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰে আইন বাতিল কৰা বুলিও উল্লেখ কৰে অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *