অসম

ৰাস মহোৎসৱৰ মঞ্চত হাঁহিৰ প্ৰতিযোগিতা, খিলখিল হাঁহি, বীভৎস হাঁহি, নিঃশব্দ হাঁহিৰ লগতে বহুতো…

হাঁহি জীৱনৰ আনন্দ মুহুৰ্তৰ এক স্বতঃস্ফূৰ্ত অভিব্যক্তি ,হাঁহি হেনো সুস্থ। জীৱনৰ এক মহৌষধ !

হাঁহিক লৈ আয়োজন কৰা হ’ল এক বিশেষ প্ৰতিযোগিতা, মঞ্চত বিভিন্ন প্ৰকাৰৰ হাঁহিৰে দৰ্শকক আমোদ দিলে বহুজনে।

বুধবাৰৰ সন্ধিয়া গোৱালপাৰা জিলাৰ খুটাবাৰী আঞ্চলিক ৰাস মহোৎসৱৰ মঞ্চত “গৰখীয়া সভা” উপলক্ষে অনুষ্ঠিত হয় হাঁহিৰ এক বিশেষ প্ৰতিযোগিতা।

আমোদপ্ৰিয় দৰ্শকে উপভোগ কৰিলে মঞ্চত উপস্থাপন কৰা বিভিন্ন জনৰ হাঁহিৰ অভিনয়।

খিলখিল হাঁহিৰ পৰা ব্ৰেক মৰা হাঁহিলৈ ,নিঃশব্দ হাঁহিৰ পৰা বীভৎস হাঁহিলৈ বিধে-বিধে হাঁহিৰ অভিনয়েৰে বহুজনে আমোদ দিলে এইদৰে।

মুঠতে এক ব্যতিক্ৰমী অনুষ্ঠানৰ যোগেদি বুধবাৰৰ সন্ধিয়াৰে পৰা নিশা এপৰলৈ এইদৰে হাঁহিৰ আমেজ ল’বলৈ পাই মোহাচ্ছন্ন হয় শ-শ দৰ্শক।

ক’বই লাগিব ব্যস্ত দৈনন্দিন পৰিক্ৰমাৰ মাজত সকলোৱে এই ব্যতিক্ৰমী অনুষ্ঠানটি উপভোগ কৰি দৰ্শকক বেচ উৎফুল্লিত দেখা গ’ল।

হাঁহিৰ এই ব্যতিক্ৰমী অনুষ্ঠানৰ মঞ্চ উন্মোচন কৰে দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *