গোৱালপাৰা সৈনিক স্কুল কন্টেইনমেন্ট জোন ঘোষণা, ২৭জনকৈ ছাত্ৰ ক’ভিড পজিটিভ…

ৰাজ্যত পুনৰ আৰম্ভ হৈছে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ।

এইবাৰ গোৱালপাৰা সৈনিক স্কুল কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে।

জানিব পৰা মতে সৈনিক স্কুলৰ ২৭জনকৈ ছাত্ৰ ক’ভিডত আক্ৰান্ত হৈছে।

লগতে দুজন শিক্ষাগুৰুও ক’ভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বুধবাৰে ৰাজ্যত ২৫০ জন লোকৰ ক’ভিড পজিটিভ পোৱা গৈছে।

ইয়াৰে গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে ১৬০ জনকৈ লোক।

বুধবাৰৰ দিনটোত ৫জন লোকৰ কৰ’ণাত মৃত্যু হৈছে।

Leave a Comment