ৰে’লযােগে বহিঃৰাজ্যলৈ যাত্ৰাৰ পথতে সন্ধানহীন চিত্ৰশিল্পী যতীন গগৈ

নিউজ ডেস্ক। ৰে’লযােগে বহিঃৰাজ্যলৈ যাত্ৰাৰ পথতে সন্ধানহীন হােৱা যােৰহাটৰ চিত্ৰশিল্পী যতীন গগৈ (৫৪)ৰ এতিয়াও কােনাে শুংসূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লােকে।

জানিব পৰা মতে, তেওঁ যােৱা ৯ নৱেম্বৰত অমৃতসৰ এক্সপ্ৰেছ ৰে’লযোগে পঞ্জাৱ অভিমুখে ৰাওনা হৈছিল।

সিদিনা দিনৰ ১১.৩০ বজাত তেওঁ মৰিয়নি জংচনৰ পৰা অমৃতসৰ এক্সপ্ৰেছ যোগে যাত্ৰা কৰে।

সেইদিনা সন্ধিয়া প্ৰায় ৭.৩০ বজালৈকে আত্মীয়ৰ সৈতে তেওঁৰ যোগাযোগ হৈছিল আৰু তেওঁ গুৱাহাটী ষ্টেচনত উপস্থিত হোৱাৰ বিষয়ে অৱগত কৰিছিল।

তাৰ পাছৰে পৰা গগৈ সংযোগবিহীন হয়।

উল্লেখ্য, চিত্ৰশিল্পী যতীন গগৈৰ কনিষ্ঠ কন্যা দিম্পী গগৈ (কুমাৰী) কেইমাহমানৰ আগতে পঞ্জাৱৰ অমৃসৰৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

যতীন গগৈ আৰু তেওঁ পত্নী নিকুমণি গগৈ পঞ্জাৱলৈ গৈ বিবাহৰ আনুষ্ঠানিকতাত ভাগ লৈছিলগৈ।

দিম্পী গগৈয়ে উচ্চ শিক্ষাৰ বাবে স্বামীৰ সৈতে বিদেশলৈ যাবলৈ নথি-পত্ৰ উলিয়াবৰ বাবে অসমলৈ আহিব লগীয়া আছে।

সেই মৰ্মে যতীন গগৈয়ে কন্যা দিম্পী গগৈক আনিবলৈ অকলে পঞ্জাৱলৈ ৰাওনা হৈছিল।

তেওঁৰ বাবে ১২ নৱেম্বৰত পঞ্জাৱৰ অমৃতসৰ ষ্টেচনত বিয়লিলৈকে অপেক্ষা কৰি আছিল। কিন্তু তেওঁ ৰে’লখনত গগৈক বিচাৰি নাপালে।

এই সম্পৰ্কে তেওঁৰ পত্নীয়ে ৰে’লৱে আৰক্ষী আৰু অসম আৰক্ষীক জনাইছে।

Leave a Comment