নিউজ ডেস্ক। এক ভয়াৱহ পথ দুৰ্ঘটনা।
তীব্ৰবেগী ৱাগান আৰ বাহনৰ সৈতে স্কুটীৰ মুখামুখি সংঘৰ্ষ।
এই দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে দুয়ােখন বাহন। লগতে মৃত্যু ঘটে দুয়ােখন বাহনৰে চালকৰ।
এই ঘটনাৰ স্থান গােলাঘাট জিলাৰ কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
জানিব পৰামতে, ৰাষ্ট্ৰীয় ঘাইপথৰ হালধিবাৰী নামে ঠাইত দিনৰ প্ৰায় ১১.১৫ বজাত ১নং কহঁৰা নিৱাসী তথা এটা ব্যক্তিগত খণ্ডৰ পৰ্যটন নিৱাসৰ কৰ্মচাৰী পূৰ্ণ ভূমিজে (২১) এ এছ ০৫ এইচ ২৬৭২ নম্বৰৰ এখন স্কুটিৰে বাগৰিৰ পৰা কহঁৰাত থকা নিজ ঘৰলৈ গৈ থাকোঁতে বিপৰীত দিশৰ পৰা যোৱা এ এছ ০১-এ ইউ ২৫৮৯ নম্বৰৰ এখন ৱাগনাৰ গাড়ীয়ে তীব্ৰ বেগে খুন্দা মাৰি কিছু দূৰলৈ চোঁচৰাই নিয়াত ঘটনাস্থলীতেই পূৰ্ণ ভূমিজৰ মৃত্যু হয়।
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালক বাগৰি নিৱাসী পিটাৰচন ৰংপি (৩০)ক কুঠৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সন্ধিয়া তেওঁৰো মৃত্যু হয়।
ইফালে আন এজন পথচাৰী সাজেন কৰ্মকাৰ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।
স্থানীয় লোকৰ সহযোগত কহঁৰা আৰক্ষীয়ে আহত লোকৰ চিকিৎসাৰ ব্যৱস্থা কৰে।
লগতে মৃতদেহ গোলাঘাট চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাই পৰিয়ালৰ লোকক গতাই দিয়ে।