ৰাষ্ট্ৰীয়অসমীয়া

নদীত গা ধুবলৈ গৈ সলিল সমাধি ৬ স্কুলীয়া ছাত্ৰৰ

এক শােকাৱহ ঘটনা।

নদীত গা ধুবলৈ গৈ সলিল সমাধিক ৬ জনকৈ স্কুলীয়া ছাত্ৰৰ।

এই শােকাৱহ ঘটনা সংঘটিত হৈছে তেলেংগানা ৰাজ্যত ৰজান্না চিৰচিল্লা জিলাৰ মাজেৰে বৈ যােৱা মনাইৰ নদীত।

vlcsnap-2021-11-17-14h53m04s551

জানিব পৰা মতে, সোমবাৰে আবেলি সংঘটিত হয় এই ঘটনা।

ইতিমধ্যে উদ্ধাৰ অভিযানকাৰী দলে ৫ ছাত্ৰৰ মৃতদেহ নৈৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়।

এজনৰ সন্ধান এতিয়াও অব্যাহত আছে।

vlcsnap-2021-11-17-14h53m17s666

স্থানীয় লোকসকলৰ মতে, এই ছাত্ৰসকল কুচুমা ৰামাইয়া জিলা পৰিষদ চৰকাৰী উচ্চ বিদ্যালয়ত আঠ আৰু নৱম শ্ৰেণীত অধ্যয়নৰত।

জানিব পৰা মতে, সোমবাৰে আবেলি নজন শিক্ষাৰ্থীয়ে নেহৰু নগৰত অৱস্থিত মানাইৰ নদীৰ চেক-বান্ধত সাঁতুৰিবলৈ গৈছিল।

vlcsnap-2021-11-17-14h53m20s135

ইয়াৰে ছয়জন শিক্ষাৰ্থীয়ে নৈত সাঁতুৰিবলৈ নামিছিল যদিও আন ৩ জন পাৰতে ৰৈছিল। তেনে সময়তে নৈৰ গভীৰ পানীত সন্ধানহীন হৈ পৰে ছাত্ৰকেইজন।

নৈৰ পাৰত ছাত্ৰকেইজনৰ জােতা-চেণ্ডেল, বেগ তথা চাইকেল পােৱা গৈছে।

মৃত ছাত্ৰ কেইজনক কোলিপাকা গণেশ, কংগা ৰাজেশ, চিঙ্গম মনোজ, যাদলা ভেঙ্কট চাই, থেগালা অজয় আৰু শ্ৰীৰামুলা ক্ৰান্তি বুলি চিনাক্ত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *