অসম

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী, কণমানি সন্তানক কোলাত লৈ হৈ পৰিল আৱেগিক…

মনিপুৰত শ্বহীদ হোৱা অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বুধবাৰে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ কাঁহীবাৰীস্থিত বাসগৃহত উপস্থিত হৈ শ্বহীদ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ধূপ-চাকি জ্বলাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

FEX4s-GFVk-AEd-Toa

লগতে শ্বহীদৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

শ্বহীদ সুমনৰ কণমানি সন্তানক কোলাত লৈ আৱেগিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পত্নীৰ হাতত অৰ্পন কৰে ৫০ লাখ টকাৰ ছেক।

FEX4r-Ju-Vk-AIcj-EZ

ইয়াৰ লগতে থেকেৰাকুছি-কাঁহিবাৰী গাঁৱৰ পথছোৱা শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত উৎসৰ্গা কৰি পকী পথ নিৰ্মাণ, শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মণিপুৰত উগ্ৰপন্থীৰ এম্বুচত শ্বহীদ হৈছিল অসম ৰাইফলচৰ প্ৰায় ৭ জন জোৱান।

এই আক্ৰমণত শ্বহীদ হৈছিল অসমৰ বীৰ সন্তান বাক্সাৰ সুমন স্বৰ্গীয়াৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *