আজমল ফাউণ্ডেছনৰ প্ৰশংসনীয় পদক্ষেপ।
শিক্ষিত নিবনুৱাক স্ব-নিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে বিতৰণ কৰিলে ই-ৰিক্সা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী দৰিদ্ৰ লোকক ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেছনে।
প্ৰায় ২০ লাখ টকা ব্যয়সাপেক্ষে মুঠ ১৭খন ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেছনে।
বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে আজমল ফাউণ্ডেচনে আজি মুঠ ১৭জন লোকক একোখনকৈ বিনামূলীয়া ই-ৰিক্সা বিতৰণ কৰে।
ই-ৰিক্সা বিতৰণ অনুষ্ঠানত সিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খছৰুল ইছলাম, প্ৰৱন্ধক এম আৰ এইচ আজাদ উপস্থিত থাকে।
উল্লেখ্য যে, আজমল ফাউণ্ডেছনে স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশৰ লগতে দৰিদ্ৰ লোকসকলক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে।









