অসম

হাতত বেট লৈ ক্ৰিকেটাৰৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ড।

আমিনগাঁৱত অত্যাধুনিক ক্ৰিকেট গ্ৰাউণ্ডখন মুকলি কৰি ক্ৰিকেট খেলাও দেখা গ’ল মুখ্যমন্ত্ৰীগৰাকীক।

অসম ক্ৰিকেট সন্থাক ধন্যবাদ জ্ঞাপন কৰি মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘অসম ক্ৰিকেটত এতিয়াও ভাল খেলুৱৈৰ অভাৱ। ভাৰতীয় দলত এতিয়ালৈকে অসমৰ এজনো খেলুৱৈ নাই।’

খেলুৱৈসকলৰ মাজত প্ৰতিযোগিতাৰ মানসিকতা বৃদ্ধি কৰিলেহে নতুন খেলুৱৈ ওলাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

image 3

উল্লেখ্য যে, বৰ্ষাপাৰাত নতুনকৈ ৯ বিঘা মাটিত নিৰ্মাণ হ’ব ইন্দোৰ ষ্টেডিয়াম। লগতে চন্দ্ৰপুৰতো ১৫০ কোটি টকা ব‍্যয়ৰে ষ্টেডিয়াম নিৰ্মাণ হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এক কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ক্ৰিকেট ষ্টেডিয়ামখন মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অনাগত দিনত অসমত আৰু ৫২ খন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।

মুখ্যমন্ত্ৰী শৰ্মাই আনুষ্ঠানিকভাৱে ষ্টেডিয়ামখন মুকলি কৰি ছ’চিয়েল মিডিয়াত উল্লেখ কৰি কয় যে বি চি চি আইৰ দ্বাৰা স্বীকৃত মেঘালয় আৰু ছিকিমৰ মাজত প্ৰথমখন ঘৰুৱা ক্ৰিকেট খেল কাইলৈ এইখন খেলপথাৰতে অনুষ্ঠিত হ’ব। ই আমাৰ বাবে অতি উলাহৰ খবৰ।

নতুনকৈ নিৰ্মাণ হোৱা এই ষ্টেডিয়ামখনে উদীয়মান ক্ৰিকেটাৰসকলক উপকৃত কৰিব বুলিও উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *