এক ভয়ংকৰ অগ্নিকাণ্ড।
শিলচৰ ৰংপুৰতত সন্ধিয়া সংঘটিত হয় এই অগ্নিকাণ্ড।
ৰংপুৰ আৰক্ষী চকীৰ সম্মুখত কাজল আহমেদ নামৰ এজন লোকৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হৈছে।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।
জুইৰ লেলিহান শিখাই ইতিমধ্যেই ছানি ধৰিছে সমগ্ৰ বাসগৃহতো।
জুইৰ সূত্ৰপাতৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
অগ্নিকাণ্ডৰ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।









