অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমীয়া ছবি ʼতুমি মালালাʼ…

অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিছে ৰূপক গগৈৰ পৰিচালিত আৰু ড: সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ʼতুমি মালালাʼই।

চলিত বৰ্ষত আয়োজিত ৭খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ‘তুমি মালালা’ই ৫ খন মহোৎসৱত বিজয়ী হয়।

ইয়াৰে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালা’ই শ্ৰেষ্ঠ প্ৰযোজক বঁটা লাভ কৰা উপৰি কাহিনী শিতানতো বঁটা লাভ কৰে।

ইপিনে Druk আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো ছবিখনে বাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটা আজুৰি আনিবলৈ সক্ষম হয়।

DIFT, Caleidoscope Indian film festival of Boston-21 আৰু Indo French International Film festival -21 তো পাৰদৰ্শিতা বঁটা লাভ কৰে তুমি মালালাই।

ইপিনে, যোৱা ৯-১৪ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱা ১৫ তম আন্তঃৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ʼতুমি মালালাʼ বিশেষভাবে সমাদৃত হোৱাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰা দুই কিশোৰীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

আনহাতে Eurasia International Monthly Film festival-21 তো বিজয়ী হয় তুমি মালালা।

ʼতুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, NRC সৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু জীৱন সংগ্ৰামক লৈয়ে এই ছবিখন নিৰ্মাণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *