বি এছ এফৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
সোমবাৰে দিনৰ ২-৩০ বজাত বিশেষ সূত্ৰ অনুসৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বি এছ এফে।
০৭ বি এন বি এছ এফ, এম এণ্ড চি এফ টি আৰৰ সৈন্যই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৰিমগঞ্জৰ টোল প্লাজাৰ ওচৰত তালাচী চলাই।
এই তালচীত বি এছ এফৰ দলটোৱে এখন মটৰচাইকেলৰ পৰা ৯৫০০ টা নিষিদ্ধ য়াবা টেবলেটৰ সৈতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
জব্দ কৰা য়াবা টেবলেটখিনিৰ আনুমানিক মূল্য প্ৰায় 48 লাখ টকা।
আটকাধীন ড্ৰাগছ সৰবৰাহী দুজন হৈছে জাম জাম হুছিয়ান (২২) আৰু আফতাৰ হুছিয়ান (৫০)।
জাম জাম হুছিয়ানৰ কৰিমগঞ্জ জিলাৰ বাগাৰসংগমৰ মাইনুল হকৰ পুত্ৰ।
আনহাতে আফতাৰ হুছিয়ান ভিটাৰগুল জিলাৰ হাবিবুৰ চামাদৰ পুত্ৰ।









