ৰাষ্ট্ৰীয়

ভাগ্যৰ পৰিহাস! মাতৃৰ বিয়োগৰ বাবে গ্ৰহণ কৰিব নোৱাৰিলে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান…

ভাগ্যৰ পৰিহাস!

মাতৃৰ বিয়োগৰ বাবে গ্ৰহণ কৰিব নোৱাৰিলে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান।

টকিঅ পেৰাঅলিম্পিকৰ বেডমিণ্টনৰ স্বৰ্ণ পদকজয়ী কৃষ্ণা নাগৰলৈ আগবঢ়োৱা হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা।

শুকুৰবাৰে সন্ধিয়া মাকৰ আকস্মিক মৃত্যুৰ বাবে পুত্ৰ নাগৰে গ্ৰহণ কৰিব নোৱাৰিলে এই সন্মান।

উল্লেখ্য যে, ২০২০ টকিঅ পেৰা অলিম্পিকত ভাৰতৰ হৈ সোণ জয় লাভ কৰি সমগ্ৰ দেশবাসীক গৌৰৱাম্বিত কৰিছিল কৃষ্ণা নাগৰে।

১৩ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা ক্ৰীড়া জগতৰ শ্ৰেষ্ঠ পুৰস্কাৰ গ্ৰহণ কৰাৰ বাবে সকলো তৈয়াৰো ইতিমধ্যে সম্পন্ন হৈছিল কৃষ্ণাৰ।

পিছে আশাহত কৰি শুকুৰাবাৰে নিশা মৃত্যু হয় কৃষ্ণা নাগৰৰ মাতৃৰ।

কেইদিনমান পূৰ্বে ঘৰৰ ছাদৰ পৰা পৰি গৈছিল মাতৃ। লগে লগে ভৰ্তি কৰোৱা হৈছিল হাস্পতালত।

অৱশেষত হাস্পতালৰ বিছনাতেই শেষ নিশ্বাস এৰে কৃষ্ণা নাগৰৰ মাতৃয়ে।

যাৰ বাবে পুৰস্কাৰ গ্ৰহণৰ বাবে দিল্লীলৈ অহাৰ পিছতো পুনৰ ঘৰলৈ উভতি যাব লগা হয় খেলুৱৈগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *