আৰক্ষীৰ লাঠিৰ কোবত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ, চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি…

আৰক্ষীৰ লাঠিৰ কোবত ৰোগীৰ মৃত্যুৰ অভিযোগ।

আৰক্ষীৰ প্ৰহাৰত ৰোগীজনৰ মৃত্যু হোৱা বুলি অভিযোগ।

গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, মঙলবাৰে গোলাঘাটৰ কমাৰ গাঁৱৰ অৰবিন্দ শইকীয়া নামৰ এগৰাকী ৰোগীক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

নিশা চিকিৎসালয়খনতে ৰোগী গৰাকীয়ে নিজ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত কৰ্তব্যৰত আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয়।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত অৰবিন্দ শইকীয়া নামৰ ৰোগী গৰাকীক বেয়াকৈ প্ৰহাৰ কৰাৰ ফলতে অৰবিন্দ শইকীয়াৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

ইপিনে চিকিৎসালয়খনত ৰোগী গৰাকীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰি আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়ন কৰা হৈছে।

Leave a Comment