বিভিন্ন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।
পুনৰ আৰক্ষীৰ গুলীত নিহত অপৰাধী।
এইবাৰ দলগাঁও থানাৰ অন্তৰ্গত ধনশ্ৰী ঘাটত এনকাউণ্টাৰৰ ঘটনা।
খাৰুপেটীয়া আৰক্ষীৰ এনকাউন্টাৰত নিহত দুৰ্ধৰ্ষ ডকাইত আছা বাবু।
আৰক্ষীৰ গুলীত নিহত হোৱা আছা বাবুক খাৰুপেটীয়া আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল ।
তদন্তৰ বাবে নিশা ২ মান বজাত কোনো এক স্থানলৈ লৈ গৈ থকা অৱস্থাত দলগাঁও থানাৰ অন্তৰ্গত ধনশ্ৰী ঘাটত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে আছা বাবুৱে।
লগে লগে আৰক্ষীয়ে আছা বাবুক কৰায়ত্ত কৰিবলৈ গুলীচালনা কৰাত তেওঁৰ মৃত্য হয়।









