অহা ১৪ আগষ্টৰ পৰা অসমৰ পাঁচখন জিলাত ৩৬ ঘণ্টীয়া বন্ধৰ আহ্বান।
পুৱা ৫ বজাৰ পৰা জনোৱা হৈছে বন্ধৰ আহ্বান।
নিষিদ্ধ বিদ্ৰোহী সংগঠন ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মী চমূকৈ DNLA-এ পৃথক ৰাষ্ট্ৰ ‘হিৰিম্বা ৰাজী ৰাজ্য’ৰ দাবীত এই বন্ধৰ আহ্বান জনাইছে।
বন্ধৰ আহ্বান জনোৱা জিলা কেইখন হৈছে কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ।

২০১৯ চনৰ আৰম্ভণিত গঠন হৈছিল ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মী।
গঠন হোৱাৰ পাছতে সংগঠনটোৱে সাৰ্বভৌম আৰু স্বাধীন ‘ডিমাচা ৰাষ্ট্ৰ’ৰ মুক্তিৰ বাবে যুঁজ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল।
জানিব পৰা মতে এই সংগঠনটোৰ সদস্যসকলক নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ডৰ ইচাক-মুইভা গোটে প্ৰশিক্ষণ প্ৰদান কৰিছে।









