কাইলৈ অৰ্থাৎ ১১ আগষ্টৰ পৰা অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা।
আগন্তুক ৫ দিনলৈ এই বৃষ্টিপাতৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।
বংগোপ সাগৰত সৃষ্টি হোৱা দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱৰ ফলত অসম আৰু মেঘালয়ত ১১ আগষ্টৰ পৰা ১৩ আগষ্টলৈ ধাৰাষাৰ বৰষুণ হ’ব পাৰে।
উত্তৰ-পূবৰ ৰাজ্য সমূহৰ লগতে উত্তৰাখণ্ড, হিমাচল প্ৰদেশৰ লগতে হিমালয়ৰ পাদদেশত অৱস্থিতি ছিকিম আৰু পশ্চিমবংগৰ কিছু অংশতো ১৫ আগষ্টলৈ প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই সময়চোৱাত ধুমুহা গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
ছত্তিশগড়, পঞ্জাৱ, হাৰিয়ানা, পশ্চিম ৰাজস্থান, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, লক্ষ্যদ্বীপ, ওড়িশা, গুজৰাট, গোৱা, কৰ্ণাটক, অন্ধ্ৰ্প্ৰদেশৰ কিছু অংশতো দক্ষিণ-পশ্চিম মৌচুমী সাগৰীয় মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা।









