ৰাষ্ট্ৰীয়

‘কাইলৈ ঘৰলৈ গৈ আছো, ভাল লগা নাই’- ছ’চিয়েল মিডিয়াত ভাইৰেল কোহলীৰ টুইট…

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ এটা টুইটে শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বিৰাট কোহলীয়ে টুইটাৰত লিখিছে- ‘কাইলৈ ঘৰলৈ গৈ আছো, ভাল লগা নাই।’

টি-২০বিশ্বকাপত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজৰ খেলখনে ভাৰতৰ শেষ আশাও নিৰ্বাপিত কৰাৰ পিছত এই টুইট ভাইৰেল হৈ পৰিল।

প্ৰথম দুখন মেচত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে হতাশজনক প্ৰৰ্দশনেৰে ভাৰতীয় অনুৰাগীক টীম ইণ্ডিয়াই নিৰাশ কৰিছিল।

কিন্তু নিউজিলেণ্ডৰ হাতত আফগানিস্তান পৰাস্ত হোৱাৰ পিছতেই ভাৰতীয় ক্ৰিকেট দলে শেষ আশা হেৰুৱালে ছেমী ফাইনেলত প্ৰৱেশ কৰাত।

তাৰ পাছতে ভাইৰেল হল কোহলীৰ এই টুইট।

কিন্তু ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কোহলীৰ এই টুইটটো ৯ বছৰ পুৰণি।

২০১২ৰ ২০মাৰ্চৰ নিশা ১১বাজি ১২মিনিটত কোহলীয়ে এই টুইট কৰিছিল।

টি-২-বিশ্বকাপ ২০২১ত ভাৰতৰ বিদায় নিশ্চিত হোৱাৰ পাছত পুনৰ প্ৰাসংগিক হৈ পৰিল সেই টুইটটো।

Leave a Reply

Your email address will not be published. Required fields are marked *