অসম

মুখ্যমন্ত্ৰীৰ সংবাদমেলঃ ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়ত খোলাৰ সম্ভাৱনা…

নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত ক’ভিড প্ৰট’কল সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

সংবাদমেলত আন্তঃজিলা যাতায়াত অহা ১৬ আগষ্টৰ পৰা খুলি দিয়াৰ ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয়, ’১৫ আগষ্টৰ পিছত আমি চেষ্টা কৰিম যে সন্ধিয়া ৬ বজালৈ দোকান-পোহাৰ খুলি দিয়া। ইয়াৰ পিছত আমি আন্তঃজিলা যাতায়াত আৰম্ভ কৰিম’।

আন্তঃজিলা যাতায়াত খুলি দিয়াৰ ক্ষেত্ৰত অৱশ্যে কেতবোৰ চৰ্ত থাকিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয় যে হয়তো এদিন যুগ্ম, এদিন অযুগ্ম বাহন চলিব, গতিকে ১৬, ১৭ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খুলিব।

আনহাতে ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ যো-জা চলোৱাৰ কথাও জানিব দিয়ে সংবাদমেলত।

শৰ্মাই কয় যে যদিহে ১ ছেপ্তেম্বৰলৈকে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ৫০০ৰ তললৈ আহে বা আমি ডেৰ কোটি লোকক ভেকচিন প্ৰদানৰ লক্ষ্যত উপনীত হ’ব পাৰো তেন্তে চূড়ান্ত বৰ্ষৰ শ্ৰেণী সমূহ খুলি দিয়াৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰিব পাৰো।

আনহাতে গৃহমন্ত্ৰীৰে সীমা সমস্যাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ আলোচনা হোৱাৰ কথা সদৰি কৰে।

বড়োভূমিলৈ এতিয়া শান্তি ঘূৰি আহিছে বুলি সংবাদ মেলত উল্লেখ মুখ্যমন্ত্রীৰ।

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাক আদৰাৰ ক্ষেত্রতো মন্তব্য কৰিছে মুখ্যমন্ত্রীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *