অসমীয়াঅসমগুৱাহাটী

দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বাৰ্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে

মেঘালয়ৰ শ্বিলং, বৰাপানী, নংপোৰ মাৰঙা, পাথৰখামাৰৰ উমচাওঁ-বাৰেগাঁও আৰু কোচবিহাৰৰ মধুপুৰ ধাম সত্ৰত দিহানাম পৰিৱেশনেৰে ভক্ত-ৰাইজৰ ভূয়সী প্ৰশংসা লাভ

জালুকবাৰী, ২০ অক্টোবৰ: দিহানামক শুদ্ধ ৰূপত বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে কাম কৰি আহিছে জালুকবাৰীৰ বৃহত্তৰ খানামুখ অঞ্চলৰ জ্ঞানমালিনী বিকশিত নামতি দলে। অসমৰ লগতে মেঘালয়ৰ বিভিন্ন স্থান আৰু পশ্চিমবংগৰ কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ ধাম সত্ৰত দিহানাম পৰিৱেশন কৰি দলটোৱে ভক্ত-ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে সমন্বয়ৰ বাৰ্তা বিলাই আহিছে।

দলটোৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা তথা মুখ্য নামতি জুমি কলিতাই জানিবলৈ দিয়া মতে, ২০১৭ চনত খানামুখ অঞ্চলৰ প্ৰায় ১২ গৰাকী মহিলা আৰু যুৱতী একত্ৰিত হৈ ভক্তিৰসৰ অমিয়া বিলোৱাৰ উদ্দেশ্যে দলটো গঠন কৰিছিল। বৰ্তমান দলটোৰ সদস্যাৰ সংখ্যা ১৪ গৰাকী।

সভানেত্ৰী আৰু সম্পাদিকাৰ উপৰি দলটোৰ সদস্যাসকল হৈছে প্ৰতিষ্ঠাপক সভানেত্ৰী শেৱালী কুমাৰী দাস, জুনু দাস, মীনা দাস, অঞ্জুমণি কলিতা বৰ্মন, সুজলা কলিতা, দেৱজানি কলিতা (তুতু), অণিমা কলিতা (মামণি), নীলিমা কলিতা, লক্ষ্মী ঠাকুৰীয়া, নৱনীতা কলিতা, দুলুমণি দাস আৰু গিনীমা দাস। আন এগৰাকী প্ৰতিষ্ঠাপক সদস্যা গীতাৰাণী বৈশ্যৰ (বুবু) যোৱা ২১ জুনত অসুস্থতাৰ বাবে অকাল মৃত্যু হয়।

জন্মলগ্নৰে পৰা দলটোৱে নাম-কীৰ্তনৰ মাজেৰে অঞ্চলটোত ভক্তিৰসৰ পৰিৱেশ সৃষ্টিৰ লগতে সমন্বয়ৰ বান্ধোন গঢ়ি তোলাৰ প্ৰয়াস কৰি আহিছে। বিভিন্ন দিহানাম প্ৰতিযোগিতাত অংশ লৈ মুখ্য নামতি জুমি কলিতাই ব্যক্তিগত শাখাত শ্ৰেষ্ঠ নামতিৰ সন্মান লাভ কৰাৰ লগতে দলটোৱেও বিভিন্ন পুৰস্কাৰ লাভ কৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

২০১৮ চনৰ পৱিত্ৰ ভাদ মাহত দলটোৱে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ ৰাজধানী শ্বিলঙত দিহানাম পৰিৱেশন কৰে। স্থানীয় অসমীয়া সমাজৰ আমন্ত্ৰণক্ৰমে ধানখেতিস্থিত শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ, লাবানৰ অসমীয়া নামঘৰ আৰু বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ চৌহদৰ শংকৰদেৱ নামঘৰত নাম পৰিৱেশন কৰি দলটোৱে ৰাইজৰ সমাদৰ লাভ কৰে। ২০২২ চনৰ ভাদ মাহতো আমন্ত্ৰণক্ৰমে বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পুনৰ নাম পৰিৱেশন কৰে।

২০২৪ চনৰ ভাদ মাহত মেঘালয়ৰ ৰি-ভয় জিলাৰ নংপোৰ সমীপৰ মাৰঙাত স্থানীয় অসমীয়া সমাজৰ আমন্ত্ৰণক্ৰমে শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখাৰ নামঘৰত দলটোৱে দিহানাম পৰিৱেশন কৰে। একে সময়তে উমিয়াম তথা বৰাপানীস্থিত জলবিদ্যুৎ শক্তি উৎপাদন কেন্দ্ৰ চৌহদৰ অসমীয়া নামঘৰতো পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰে।

২০২৫ চনৰ ভাদ মাহত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ পাথৰখামাৰ অঞ্চলতো দলটোৱে নাম পৰিৱেশন কৰে। ৰাভা জনগোষ্ঠীৰ বসতিপ্ৰধান উমচাওঁ-বাৰেগাঁৱৰ শ্ৰীশ্ৰী কলীয়া ঠাকুৰ নামঘৰ আৰু চিক্লনি কলনীৰ টেনচন ফ্ৰি মঞ্চত দিহানাম পৰিৱেশন কৰি স্থানীয় ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰে।

আনহাতে, যোৱা ভাদ মাহৰ শেষৰ ফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণস্থলী পশ্চিমবংগৰ কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ ধাম সত্ৰত দলটোৱে দুদিন থাকি নাম পৰিৱেশন কৰে। দলটোৰ নেতৃত্বই জনোৱা মতে, এই বিষয়ে অৱগত হৈ কোচবিহাৰৰ ৰাজ পৰিয়ালৰ সভাপতি কুমাৰ জিতেন্দ্ৰ নাৰায়ণ, সচিব কুমাৰ ব্ৰজেন্দ্ৰ নাৰায়ণ আৰু মুখপাত্ৰ কুমাৰ মৃদুল নাৰায়ণে গুৱাহাটীলৈ উভতি অহাৰ সময়ত কোচবিহাৰৰ এখন হোটেলত দলটোক আদৰণি জনাই মত বিনিময় কৰে।

অসমৰ সমাজজীৱনত মহিলাৰ দিহানামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সত্ৰ আৰু নামঘৰক কেন্দ্ৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজিৰ প্ৰচাৰ-প্ৰসাৰৰ সৈতে জড়িত এই পৰম্পৰা সময়ৰ সোঁতত মঞ্চলৈও সম্প্ৰসাৰিত হৈছে। বিভিন্ন দল-সংগঠনে ৰাজ্যিক, জিলা আৰু আঞ্চলিক ভিত্তিত দিহানাম প্ৰতিযোগিতা আয়োজন কৰি অহাত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। বয়োজ্যেষ্ঠ মহিলাসকলৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী আৰু যুৱতীসকলেও দিহানাম পৰিৱেশনত অংশ ল’বলৈ আগবাঢ়ি আহিছে।

সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাই জনোৱা মতে, খানামুখকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত ব্যক্তি অথবা অনুষ্ঠান-প্ৰতিষ্ঠানৰ ধৰ্মীয় আৰু অন্যান্য মাংগলিক কাৰ্যত আমন্ত্ৰণ পালে তেওঁলোকৰ দলটোৱে দিহানাম পৰিৱেশন কৰে। দিহানামৰ শুদ্ধ ৰূপ অক্ষুণ্ণ ৰখাত দলটোৱে সদায় গুৰুত্ব আৰোপ কৰি আহিছে। অসমীয়া সংস্কৃতিৰ এই অন্যতম অংগক বিশ্বৰ দৰবাৰলৈ নিয়াই তেওঁলোকৰ মূল লক্ষ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *