
ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিহত ৫১ জন ভাৰতীয়ৰ পৰিয়াললৈ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা
নতুন দিল্লীঃ সুদূৰ বিদেশৰ ৰক্তাক্ত যুদ্ধক্ষেত্ৰত কৰুণ মৃত্যুক আকোৱালি লোৱা ৫১ জনকৈ স্বদেশী সন্তানৰ পৰিয়ালৰ ন্যায় নিশ্চিত কৰাৰ দিশত অগ্ৰসৰ হৈছে দেশৰ শীৰ্ষ আদালত। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়ান সেনাত নিয়োজিত হৈ প্ৰাণ হেৰুওৱা ভাৰতীয়সকলৰ পৰিয়ালৰ পৰা ক্ষতিপূৰণৰ দাবী আহ্বান কৰি এক ৰাজহুৱা জাননী জাৰি কৰিবলৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰে। যুদ্ধৰ বিভীষিকাত ৫১ জনকৈ ভাৰতীয়ৰ শোকাৱহ মৃত্যু ঘটাৰ পাছতো মাত্ৰ ছটা পৰিয়ালেহে এতিয়ালৈকে চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই সক্ৰিয় হৈ পৰে আদালত।
মন্ত্ৰালয়ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, প্ৰায় ২৬৭ জন ভাৰতীয় নাগৰিকে বিভিন্ন সময়ত ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিছিল। মস্কোস্থিত ভাৰতীয় দূতাবাসৰ নিৰন্তৰ কূটনৈতিক প্ৰচেষ্টাৰ ফলত ইয়াৰে ১৩৯ জন ইতিমধ্যে সেনাৰ পৰা অব্যাহতি লৈ দেশলৈ উভতি আহিবলৈ সক্ষম হৈছে। আনহাতে ৫১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৭ জনৰ কোনো সন্ধান বৰ্তমানলৈকে ওলোৱা নাই। সন্ধানহীন এই দলটোৰ ভিতৰত সাতজন লোক যুদ্ধক্ষেত্ৰৰ পৰাই নিখোঁজ হোৱাৰ কথা ৰাছিয়াৰ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।
শুনানিৰ সময়ত বিচাৰপীঠে মন্তব্য কৰে যে যুদ্ধত প্ৰাণ বলিদান দিয়া ৫১ জনৰে দুৰ্ভগীয়া পৰিয়ালৰ এই সাহায্য লাভৰ পূৰ্ণ আইনী অধিকাৰ আছে। মস্কো প্ৰশাসনৰ পৰা প্ৰাপ্য সকলো সাহায্য যাতে পৰিয়ালকেইটাই বিনা বাধাই লাভ কৰিব পাৰে, তাৰ বাবে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ক সকলো প্ৰকাৰৰ প্ৰশাসনিক সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে আদালতে। ৰাছিয়া চৰকাৰে ক্ষতিপূৰণৰ পৰিমাণ কিমান নিৰ্ধাৰণ কৰিছে আৰু তাৰে কিমান ধন ইতিমধ্যে হস্তান্তৰ কৰা হৈছে, সেই সম্পূৰ্ণ তথ্যও আদালতত দাখিল কৰাৰ নিৰ্দেশ জাৰি কৰে বিচাৰপীঠে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিয়ে আদালতক অৱগত কৰে যে ৰাছিয়াৰ প্ৰশাসনে ইতিমধ্যে ছটা পৰিয়ালৰ ক্ষতিপূৰণৰ দাবী প্ৰক্ৰিয়াকৰণ কৰিছে। ইয়াৰে পাঁচটা দাবীত পূৰ্ণ ধন আৰু এটাত আংশিক ধন মুকলি কৰি দিয়া হৈছে। এই প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰাৰ উদ্দেশ্যে ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ জিলা আইনী সেৱা প্ৰাধিকৰণসমূহক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ ক্ষতিপূৰণৰ আবেদন দাখিল, নশ্বৰ দেহ চিনাক্তকৰণৰ বাবে প্ৰয়োজনীয় ডিএনএ পৰীক্ষা আৰু যাৱতীয় আনুষ্ঠানিকতাত সম্পূৰ্ণ বিনামূলীয়া আইনী সাহায্য যোগান ধৰিবলৈ এই সংস্থাসমূহক নিৰ্দেশ দিয়ে আদালতে।
উল্লেখ্য যে, বিগত ২০২৪ আৰু ২০২৫ চনত বিভিন্ন ভিছাত ৰাছিয়ালৈ গৈ বিপাঙত পৰা লোকসকলৰ আত্মীয়ই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ ভিত্তিত এই শুনানি অনুষ্ঠিত হয়। নিযুক্তি সংস্থাসমূহে নিৰ্মাণ আৰু আতিথ্য খণ্ডত সাধাৰণ কামৰ প্ৰতিশ্ৰুতি দি যুৱকসকলক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দেশখনত উপস্থিত হোৱাৰ পাছতেই তেওঁলোকৰ যাৱতীয় নথি-পত্ৰ জব্দ কৰি বলপূৰ্বকভাৱে সামৰিক বাহিনীত অন্তৰ্ভুক্ত কৰাৰ লগতে যুদ্ধৰ একেবাৰে সন্মুখৰ অংশলৈ ঠেলি দিয়াৰ কথা আবেদনকাৰীসকলে আদালতত উল্লেখ কৰে।
ৰাছিয়ান সেনাত যোগদানৰ এই ভয়াবহ বিপদ সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকললৈ একাধিকবাৰ সতৰ্কবাণী জাৰি কৰি আহিছে। ধনৰ লোভত পৰি সেনাত ভৰ্তি হোৱা আৰু পাছত স্বদেশলৈ উভতি অহাৰ বাবে চৰকাৰী হস্তক্ষেপ বিচৰা প্ৰৱণতাৰ বিৰুদ্ধেও কেন্দ্ৰই সতৰ্ক কৰি দিছে। এতিয়াও সেনাত আৱদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰ কৰাৰ বাবে কূটনৈতিক স্তৰত অহৰহ আলোচনা চলি থকা বুলি কেন্দ্ৰীয় চৰকাৰে আদালতক অৱগত কৰে। ক্ষতিপূৰণ বিতৰণ আৰু সন্ধানহীন লোকসকলৰ তথ্য লাভৰ স্থিতি পৰ্যবেক্ষণৰ বাবে আদালতে এই আবেদনৰ শুনানি অব্যাহত ৰাখিছে।





