
মহিলা সাংবাদিকৰ যৌন নিগ্ৰহৰ অভিযোগৰ পিছতেই প্ৰতিশোধমূলক গোচৰ আৰক্ষী বিষয়াৰ; ভুক্তভোগীৰ কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টাক লৈ প্ৰতিক্ৰিয়া
নতুন দিল্লীঃ যিগৰাকী মহিলা সাংবাদিকে যৌন নিগ্ৰহৰ অভিযোগ উত্থাপন কৰিছিল, এইবাৰ সেইগৰাকী সাংবাদিকৰ বিৰুদ্ধেই ওলোটাই গোচৰ ৰুজু কৰিলে দিল্লী আৰক্ষীৰ বিতৰ্কিত বিষয়া বিবেক ভগতে। নিজৰ দায়িত্ব পালন কৰিবলৈ গৈ নিৰাপত্তাহীনতাত ভোগা এগৰাকী মহিলা সাংবাদিকে গুৰুতৰ অভিযোগ তোলাৰ পিছত ন্যায় নিশ্চিত কৰাৰ পৰিৱৰ্তে আৰক্ষী বিষয়াগৰাকীৰ এনে প্ৰতিশোধমূলক পদক্ষেপক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
অভিযোগ অনুসৰি, যোৱা ৩ অক্টোবৰত যন্তৰ মন্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে মহিলা সাংবাদিকগৰাকীয়ে সহকাৰী আৰক্ষী আয়ুক্ত বিবেক ভগতৰ বিৰুদ্ধে যৌন নিগ্ৰহ আৰু অসদাচৰণৰ অভিযোগ উত্থাপন কৰিছিল। ঘটনাৰ পিছতে সাংবাদিকগৰাকীৰ অভিযোগ দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চলৈ তদন্তৰ বাবে প্ৰেৰণ কৰা হয়। কিন্তু সেই তদন্তৰ ফলাফল ওলোৱাৰ পূৰ্বেই এচিপি ভগতে ওলোটাই সাংবাদিকগৰাকী আৰু ককৰোচ জনতা পাৰ্টীৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এচিপি ভগতে দাখিল কৰা এজাহাৰত দাবী কৰা হৈছে যে বুটা সিং চ’কৰ সমীপত সাংবাদিকগৰাকী আৰু আন কেইবাজনে তেওঁৰ জাতিক লৈ অপমানজনক মন্তব্য কৰিছিল আৰু পদবীক লৈ প্ৰশ্ন তুলিছিল। পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীক আটক কৰাৰ সময়ত তেওঁৰ বিৰুদ্ধে যৌন নিগ্ৰহৰ মিছা অভিযোগ তুলি কৰ্তব্যত বাধা প্ৰদান কৰা হয়। সামাজিক মাধ্যমত তেওঁক ভাবমূর্তি বিনষ্টকাৰী ৰূপত উপস্থাপন কৰাৰ অভিযোগ তুলি ককৰোচ জনতা পাৰ্টীৰ নেতা অভিজিৎ দীপকে, সৌৰভ দাস, আশুতোষ ৰাংকা আৰু ৰত্না সিঙৰ বিৰুদ্ধে অনুসূচিত জাতি-জনজাতি নিৰ্যাতন প্ৰতিৰোধ আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত মানহানিৰ গোচৰ ৰুজু কৰা হৈছে।
ইফালে, বিতৰ্কৰ মাজতে দিল্লী চৰকাৰে আৰক্ষী বিষয়া বিবেক ভগতৰ অতিৰিক্ত ডিচিপি পদলৈ হ’বলগীয়া পদোন্নতি স্থগিত ৰাখিছে। মহিলা সাংবাদিকৰ ওপৰত হোৱা যৌন নিগ্ৰহৰ অভিযোগৰ পূৰ্ণাংগ তদন্ত শেষ নোহোৱালৈকে দায়িত্ব গ্ৰহণ নকৰাৰ বাবে তেওঁ অনুৰোধ জনোৱা বুলি প্ৰশাসনে সদৰী কৰিছে। কিন্তু এগৰাকী ভুক্তভোগী সাংবাদিকে কৰা নিৰ্যাতনৰ অভিযোগৰ মুখামুখি হোৱাৰ সলনি তেনে গোচৰক ওলোটাই অপৰাধমূলক ধাৰাৰে দমন কৰাৰ এই প্ৰৱণতা ন্যায়িক ব্যৱস্থা আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি এক ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছে বিভিন্নজনে।




