ৰাষ্ট্ৰীয়

দিল্লীৰ প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি; মেট্ৰ’ আৰু ইণ্টাৰনেট স্বাভাৱিক ৰখাৰ নিৰ্দেশ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক নকৰিবলৈ সতৰ্কবাণী

নতুন দিল্লীঃ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজধানীত মেট্ৰ’ ষ্টেচন বন্ধ আৰু বিৰোধী নেতাসকলক আটক কৰা কাৰ্যক লৈ দেওবাৰে বিশেষ শুনানি অনুষ্ঠিত কৰে উচ্চতম ন্যায়ালয়ে। দেওবাৰৰ বন্ধৰ দিনটোতে অনুষ্ঠিত এই জৰুৰী শুনানিত প্ৰশাসনৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক বেআইনীভাৱে আটক নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে। একেদৰে দিল্লীত মেট্ৰ’ আৰু ৰে’ল সেৱা পূৰ্বৰ দৰে স্বাভাৱিক কৰি তোলাৰ লগতে ইণ্টাৰনেট সেৱাত কোনো বাধা আৰোপ নকৰিবলৈ প্ৰশাসনক স্পষ্ট নিৰ্দেশ দিয়ে ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে।

Amazon Great Indian Festival — 60–80% off occasion-ready styles

উল্লেখ্য যে, শনিবাৰে যন্তৰ মন্তৰত বিৰোধী ঐক্যমঞ্চ আৰু চিজেপিয়ে আহ্বান জনোৱা প্ৰতিবাদ প্ৰতিহত কৰিবলৈ দিল্লীত একাধিক মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়াৰ লগতে প্ৰায় ৭ হাজাৰ প্ৰতিবাদকাৰীক আটক কৰাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰশাসনৰ এই পদক্ষেপৰ বিৰুদ্ধে আৰু প্ৰতিবাদকাৰীসকলৰ মুক্তিৰ দাবীত জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাই আদালতৰ কাষ চাপে। আদালতৰ পূৰ্বৰ নিৰ্দেশ উলংঘা কৰি ৰাজধানীত এনে পৰিস্থিতি সৃষ্টি কৰা বুলি অভিযোগ তুলি আদালত অৱমাননাৰ আবেদনো দাখিল কৰে আবেদনকাৰী পক্ষই।

শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাসকলে অভিযোগ তোলে যে আৰক্ষীয়ে কোনো নেমপ্লেট বা বেজ পৰিধান নকৰাকৈ গণতান্ত্ৰিকভাৱে সমবেত হোৱা নাগৰিকসকলক বলপূৰ্বক আটক কৰিছে আৰু ফোনকে ধৰি ব্যক্তিগত নথি জব্দ কৰিছে। ইফালে উচ্চতম ন্যায়ালয় চৌহদৰ বাহিৰতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ নিষেধাজ্ঞা ফলক লগোৱাৰ বিষয়টোৰ প্ৰতি আদালতৰ দৃষ্টি আকৰ্ষণ কৰে জ্যেষ্ঠ অধিবক্তাসকলে। ন্যায় প্ৰাপ্তিত যাতে কোনো বাধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয় চৌহদৰ পৰা ১৬৩ ধাৰাৰ সেই জাননী ফলক তৎক্ষণাত আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে বিচাৰপীঠে।

আনহাতে কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক অৱগত কৰে যে দিল্লীত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা ইতিমধ্যে পুনৰ স্বাভাৱিক হৈ পৰিছে আৰু আইনজীৱী, সাংবাদিক তথা অন্যান্য পেছাদাৰী ব্যক্তিসকলৰ মুক্ত চলাচলত কোনো ধৰণৰ বাধা প্ৰদান কৰা নহ’ব। এই আশ্বাস লিপিবদ্ধ কৰি আদালতে আইন-শৃংখলাজনিত অপৰিহাৰ্য কাৰণৰ বাহিৰে সাধাৰণ জনতাৰ যাতায়াত, যানবাহন চলাচল আৰু ইণ্টাৰনেট ব্যৱস্থা কোনো কাৰণতে ব্যাহত নকৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও আৰক্ষীয়ে স্থাপন কৰা বেৰিকেডসমূহৰ পুনৰীক্ষণ কৰিবলৈকো আদালতে নিৰ্দেশনা জাৰি কৰে।

আইনৰ দ্বাৰা নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ বাহিৰে কোনো শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক যাতে আটক কৰা নহয়, সেই কথা কঠোৰভাৱে সোঁৱৰাই দিয়ে শীৰ্ষ আদালতে। আদালত অৱমাননাৰ গোচৰত প্ৰশাসনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি অহা মঙলবাৰে সকলো আবেদন মূল গোচৰৰ সৈতে একত্ৰিত কৰি পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *