ৰাষ্ট্ৰীয়

চৰ্তসাপেক্ষে মুকলি হ’ল চিজেপিৰ তিনি শীৰ্ষ নেতা; শান্তি ভংগ নকৰাৰ নিৰ্দেশ আদালতৰ

নতুন দিল্লীঃ মুকলি কৰি দিয়া হ’ল ককৰোচ জনতা পাৰ্টিৰ তিনি শীৰ্ষ নেতা অভিজিৎ দীপকে, আশুতোষ ৰাংকা আৰু সৌৰভ দাসক। কিন্তু আজি মুকলি কৰি দিয়াৰ সময়ত তিনিওৰে সন্মুখত বান্ধি দিয়া হয় এটা চৰ্ত। অহা এবছৰলৈ কোনো ধৰণৰ শান্তি ভংগকাৰী কাৰ্যকলাপত লিপ্ত নোহোৱাৰ চৰ্ততহে কাৰ্যবাহী দণ্ডাধীশৰ আদালতে তেওঁলোকৰ জামিন মঞ্জুৰ কৰে।

Amazon Great Indian Festival — 60–80% off occasion-ready styles

চিজেপিৰ আইনী শাখাৰ মুৰব্বী ৰত্না সিঙে সামাজিক মাধ্যমযোগে তিনিওগৰাকী নেতা মুকলি হোৱাৰ কথা নিশ্চিত কৰে। তেওঁ সদৰী কৰা মতে, বি এন এছ এছৰ ১২৬ আৰু ১৭০ ধাৰাৰ অধীনত তিনিওজন নেতাকে প্ৰতিৰোধমূলকভাৱে গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে। দেওবাৰে দিল্লী কেণ্টনমেণ্টৰ বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ৫০ হাজাৰ টকাৰ বণ্ড আৰু এবছৰলৈ শান্তি আৰু সু-আচৰণ বজাই ৰখাৰ প্ৰতিশ্ৰুতিত তেওঁলোকক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে আদালতে।

দিল্লী আৰক্ষীয়েও সামাজিক মাধ্যমত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে যে ১০ অক্টোবৰত আটক কৰাৰ পিছত সকলো যাৱতীয় আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি তিনিওকে আদালতত হাজিৰ কৰোৱা হয়।

উল্লেখ্য যে শনিবাৰে যন্তৰ মন্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আয়োজিত প্ৰতিবাদলৈ আহোঁতেই বিমানৰ ভিতৰৰ পৰাই আটক কৰিছিল এই তিনি নেতাক।

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ তুলি এই প্ৰতিবাদৰ আহ্বান জনাইছিল চিজেপিয়ে। শনিবাৰে প্ৰতিবাদ প্ৰতিহত কৰিবলৈ দিল্লী আৰক্ষীয়ে সমগ্ৰ চহৰখনত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি ৭ হাজাৰৰো অধিক প্ৰতিবাদকাৰী আৰু অৰবিন্দ কেজৰিৱাল, মমতা বেনাৰ্জীৰ দৰে শীৰ্ষ নেতাসকলক আটক কৰিছিল। দেওবাৰেও চিজেপিয়ে পুনৰ যন্তৰ মন্তৰত প্ৰতিবাদৰ হুংকাৰ দিয়াৰ পিছতে ৩০ হাজাৰতকৈ অধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি ৰাজধানী চহৰখন এক দুৰ্ভেদ্য দুৰ্গত পৰিণত কৰি ৰাখিছে প্ৰশাসনে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *