
কাৰাগাৰৰ পৰা মহিলা কয়দীক ঘৰলৈ নি বান্দীৰ দৰে আচৰণ! নিজৰ অধীনত থকা কাৰাগাৰৰে কয়দী হ’ল প্ৰাক্তন জেইলাৰ দিব্যা চৌধুৰী
আজমেৰঃ কয়দী নহয় যেন নিজৰ ঘৰৰ বান্দীহে! কাৰাগাৰৰ মহিলা কয়দীক ঘৰলৈ নি ঘৰ মচা, ঘৰ সৰাৰ দৰে কামত খটাই আহিছিল এগৰাকী জেইলাৰে। শেহতীয়াকৈ ৰাজস্থানৰ অজমেৰত এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মহিলা কাৰাগাৰৰ তদানীন্তন ভাৰপ্ৰাপ্ত জেইলৰ দিব্যা চৌধুৰীক।
জানিব পৰা মতে, যোৱা ১২ জুলাইত সংঘটিত হৈছিল এই ঘটনা। দিব্যা চৌধুৰীয়ে ছোনিয়া নামৰ এগৰাকী মহিলা কাৰাৰক্ষীৰ সহযোগত কাৰাগাৰৰ সকলো নীতি-নিয়ম উলংঘা কৰি দুগৰাকী মহিলা কাৰাবন্দীক বাহিৰলৈ উলিয়াই নিয়ে। কাৰাগাৰৰ অন্যান্য কৰ্মচাৰীসকলে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰা সত্ত্বেও নিজৰ প্ৰভাৱ খটুৱাই তেওঁলোকক নিজৰ ব্যক্তিগত আৱাসলৈ লৈ যায় আৰু তাত ঘৰ মচা, ঘৰ সৰা আদি চাফ-চিকুণৰ কাম কৰিবলৈ বাধ্য কৰায়।

বিষয়টো পোহৰলৈ অহাৰ লগে লগে অজমেৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ তৰফৰ পৰা আৰক্ষীৰ ওচৰত এক আনুষ্ঠানিক অভিযোগ দাখিল কৰা হয়। অজমেৰ উত্তৰ সংমণ্ডলৰ চক্ৰ বিষয়া শিৱম যোশীয়ে জানিবলৈ দিয়া মতে, কাৰাগাৰ আইনৰ ধাৰা ৪২ সহ বিভিন্ন সুনিৰ্দিষ্ট ধাৰাৰ অধীনত দিব্যা চৌধুৰী আৰু কাৰাৰক্ষী ছোনিয়াৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয়।
গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল প্ৰাক্তন জেইলাৰগৰাকী। আৰক্ষী অধীক্ষকৰ নিৰ্দেশত গঠিত বিশেষ তদন্তকাৰী দলে চিচিটিভি ফুটেজ আৰু গোপন তথ্যৰ আধাৰত প্ৰায় দুমাহ ধৰি অনুসন্ধান চলাই যোৱা ৬ অক্টোবৰত কোটাৰ এটা আৱাসিক ফ্লেটৰ পৰা দিব্যা চৌধুৰীক গ্ৰেপ্তাৰ কৰে।
আচৰ্যকৰ বিষয়টো হ’ল, গ্ৰেপ্তাৰৰ পিছত প্ৰাক্তন জেইলাৰ দিব্যাক সেইখন মহিলা কাৰাগাৰলৈকে প্ৰেৰণ কৰা হৈছে, যাৰ ভাৰপ্ৰাপ্ত মুৰব্বী হিচাপে এদিন তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সম্প্ৰতি আৰক্ষীয়ে গোচৰটোৰ আন এগৰাকী সহ-অভিযুক্ত মহিলা কাৰাৰক্ষী ছোনিয়াসহ অন্যান্য জড়িতসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।





