
সময়মতে ৰে’ল আৰক্ষীৰ সহায় পালে জীয়াই থাকিলহেঁতেন হিমাশ্ৰী! পৰিয়ালৰ অভিযোগ, ৰে’লৰ পৰাই জনাইছিল কাতৰ আহ্বান
গুৱাহাটীঃ ঘৰমুৱা হ’বলৈ ৰে’লত উঠাৰ পাছত শেষ মেছেজ কৰিছিল তেওঁ— ‘ভয় লাগিছে, বহুত ল’ৰা আছে।’ আৰু তাৰ পিছতেই সন্ধানহীন হৈ পৰিছিল ২১ বছৰীয়া যুৱতীগৰাকী। বিশাখাপট্টনমত নৃত্যানুষ্ঠানত ভাগ ল’বলৈ গৈ ঘৰলৈ ঘূৰি অহাৰ পৰত ৰহস্যজনকভাৱে সন্ধানহীন হোৱা গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ মৃতদেহ অৱশেষত অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰত ৰে’লপথৰ কাষত উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীৰ (হিমাশ্ৰী বড়ো) মৃত্যুৰ ঘটনাৰ সঠিক তদন্তৰ দাবী জনাইছে পৰিয়ালে।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১৩ আগষ্টত এটা নৃত্য দলৰ সৈতে অন্ধ্ৰপ্ৰদেশলৈ গৈছিল বি বৰুৱা কলেজৰ ছাত্ৰী হিমাশ্ৰী। অহা ১০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মহাবিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে ৫ অক্টোবৰত তেওঁ ঘৰলৈ উভতি অহাৰ বাবে টিকট কাটিছিল। কিন্তু পূৰ্বনিৰ্ধাৰিত ৰে’লখন ধৰিব নোৱাৰাত অন্ধ্ৰপ্ৰদেশত অধ্যয়নৰত অসমৰে এজন চিনাকি যুৱক অবিনাশৰ সহযোগত বিবেক এক্সপ্ৰেছৰ এটা সাধাৰণ টিকট লৈ চলন্ত অৱস্থাত ৰে’লখনত উঠে বুলি পৰিয়ালে জানিবলৈ দিয়ে।
৬ অক্টোবৰৰ পুৱতি নিশা প্ৰায় ১:৩০ বজালৈকে হিমাশ্ৰী পৰিয়ালৰ সৈতে সম্পৰ্কত আছিল। সেই সময়ত তেওঁ ভয় খাই থকাৰ কথা জনাই বিপদৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা কৰিবলৈ পৰিয়ালক বাৰ্তা প্ৰেৰণ কৰে আৰু কাষৰ পৰিৱেশৰ এটা চুটি ভিডিঅ’ও পঠিয়ায়। পৰিয়ালৰ বিৱৰণী অনুসৰি, নিশা প্ৰায় ২:৩৯ বজাত বান্ধৱী জ্যোতি চৌধুৰীলৈ ফোন কৰি হিমাশ্ৰীয়ে কেইটামান ল’ৰাই তেওঁক বেৰি ধৰি অপ্ৰীতিকৰ আচৰণ আৰু নিৰ্যাতন চলাই থকাৰ অভিযোগ তোলে। নিজকে সুৰক্ষিত অনুভৱ নকৰাত তেওঁৰ নিৰাপত্তাৰ বাবে কিবা ব্যৱস্থা কৰিবলৈ বান্ধৱীক অনুৰোধ জনায়।
বান্ধৱী জ্যোতিয়ে তৎক্ষণাত ৰে’লৱে হেল্পলাইন ১৩৯ নম্বৰত যোগাযোগ কৰি ঘটনা আৰু নিৰ্দিষ্ট ডবাটোৰ বিষয়ে জনাই ৰে’ল আৰক্ষীৰ সহায় বিচাৰে। কিন্তু পৰিয়ালৰ অভিযোগ অনুসৰি, হেল্পলাইনত খবৰ দিয়াৰ পিছতো কোনো ৰে’ল কৰ্মীয়ে ছাত্ৰীগৰাকীৰ ওচৰলৈ গৈ খবৰ লোৱা নাছিল।
প্ৰায় দুই ঘণ্টা ৪৮ মিনিট ধৰি ম’বাইলৰ ৰিং বাজি থকা সত্ত্বেও হিমাশ্ৰীৰ কোনো সঁহাৰি নোপোৱাত পৰিয়ালৰ লোকে পাণবজাৰ আৰক্ষী, জিআৰপি আৰু আৰপিএফৰ কাষ চাপে। পৰিয়ালৰ বিৱৰণী অনুসৰি, দুপৰীয়া প্ৰায় ১ বজাত বিবেক এক্সপ্ৰেছ গুৱাহাটী ষ্টেচন পোৱাৰ পিছত অনুসন্ধান চলাই ডবাৰ ভিতৰত হিমাশ্ৰীৰ দুটাকৈ বেগ উদ্ধাৰ হয় যদিও তেওঁ সন্ধানহীন হৈ থাকে। ৰে’লৰ সহযাত্ৰীসকলে তেওঁ ৰে’লৰ পৰা জপিয়াই দিয়া, কোনোবাই পেলাই দিয়া বা আন ষ্টেচনত নামি যোৱা বুলি বিভিন্ন বিৰোধপূৰ্ণ মন্তব্য কৰা বুলি পৰিয়ালে জানিবলৈ দিয়ে।
পৰৱৰ্তী সময়ত সন্ধিয়া প্ৰায় ৫ বজাত অন্ধ্ৰপ্ৰদেশত ছাত্ৰীগৰাকীৰ ম’বাইল ফোনটো পুনৰ অন হোৱাৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে অনুসন্ধান চলাই টিকুলামপুৰৰ সমীপত ৰে’লপথৰ কাষৰ পৰা হিমাশ্ৰীৰ মৃতদেহ উদ্ধাৰ কৰে বুলি পৰিয়ালৰ বিৱৰণীত উল্লেখ কৰা হৈছে।
আনহাতে, পূৰ্বে অন্ধ্ৰপ্ৰদেশত ধনৰ লেনদেনক কেন্দ্ৰ কৰি চাৰিজন লোকে হিমাশ্ৰীক মাৰপিট কৰা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। এই ঘটনাৰ সৈতে সেই পূৰ্বৰ সংঘাতৰ কিবা সম্পৰ্ক আছে নেকি, সেই দিশটোৰো এক নিৰপেক্ষ আৰু সঠিক তদন্তৰ দাবী জনাইছে পৰিয়ালে।
সহায় বিচাৰি হেল্পলাইনত যোগাযোগ কৰাৰ পিছতো সময়মতে সহায় নোপোৱাৰ অভিযোগে ৰে’লযাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন তুলিছে। সময়মতে ৰে’ল আৰক্ষীৰ সহায় পালে হিমাশ্ৰী জীয়াই থাকিলহেঁতেন বুলি পৰিয়ালে দাবী কৰিছে। ছাত্ৰীগৰাকীৰ (হিমাশ্ৰী বড়ো) মৃত্যুৰ কাৰণ আৰু ঘটনাক্ৰম স্পষ্ট কৰিবলৈ পৰিয়ালে তদন্তৰ দাবী জনাইছে।





