হত্যা, হিংসাৰ লগতে অসামাজিক কাৰ্যকলাপৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী।
গুৱাহাটী মহানগৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত আৰক্ষীৰ।
হাতীগাঁও থানাই অভিযান চলাই উৎখাত কৰে ঘাটিটো।
হাতীগাঁৱৰ সিজুবাৰীৰ বিষ্ণুজ্যোতি পথৰ গৃহ নম্বৰ ৮ ৰ পৰা হাতীগাঁও থানাই নাৰী দেহ ব্যৱসায়ৰ এটা ঘাটি উৎখাত কৰে।
হাতীগাঁও থানাই এক অভিযান চলাই ১৩ জনীয়া এটা বৃহৎ চক্ৰ উৎখাত কৰে।
দলটোত ৯ গৰাকী যুৱতী-মহিলাৰ সৈতে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি এগৰাকী অধিবক্তাৰ ঘৰত এই নাৰী ব্যৱসায়ৰ ৰমৰমীয়া বেহা চলি আহিছিল।
লগতে চাওকঃ
বিবাহৰ ৫ মাহৰ পিছত পত্নীক প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহ কৰাই দিলে স্বামীয়ে!









