অসম

ভয়ংকৰ অগ্নিকাণ্ড! জুইত ভস্মীভূত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান…

বঙাইগাঁও চহৰৰ সমীপৰ মূলগাঁৱত বিধ্বংসী অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত তিনিখন ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।

লগতে আন কেবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয়।

বুধবাৰে পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী ভষ্মীভূত হোৱাৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠান কেইখন জুইত জাহ যায়।

অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কেবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু ভাৰতীয় ষ্টেট বেংকৰ মূলাগাঁও শাখা আৰু এটিএম ৰক্ষা পৰে।

জানিব পৰামতে প্ৰদীপ হাৰ্ডৱেৰ, বৰ্মণ ষ্টোৰ আৰু এখন লেডিজ টেইলাৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত।

Leave a Reply

Your email address will not be published. Required fields are marked *