ৰাষ্ট্ৰীয়

বিৰোধীৰ উত্তাল প্ৰতিবাদ আৰু ইমপিচমেণ্টৰ চৰ্চাৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ছত্তীশগড় ভ্ৰমণ বাতিল

নতুন দিল্লীঃ তীব্ৰ বিতৰ্ক আৰু ৰাজধানীত সাব্যস্ত হোৱা উত্তাল প্ৰতিবাদৰ পিছতে নিজৰ দুদিনীয়া ছত্তীশগড় ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ’ল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৭ আৰু ৮ অক্টোবৰত নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰাৰ কথা আছিল যদিও ‘অপৰিহাৰ্য কাৰণ’ দেখুৱাই এই ভ্ৰমণ বাতিল কৰা বুলি ছত্তীশগড়ৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিশ্চিত কৰিছে।

Amazon Great Indian Festival — deals revealed, top deals under ₹499

ভোটদাতা তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া আৰু প্ৰ-পত্ৰ ৬-ৰ সালসলনিক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধী দলসমূহে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰি আহিছে। উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত আবেদন বিচাৰাধীন হৈ থকাৰ লগতে সংসদত মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে ইমপিচমেণ্ট প্ৰস্তাৱ অনাৰো চৰ্চা চলিছে।

ইয়াৰ মাজতে মঙলবাৰে ৰাজধানী দিল্লীত বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে ‘ভোট চুৰি’ৰ অভিযোগ তুলি ৰাহুল গান্ধীৰ নেতৃত্বত নিৰ্বাচন আয়োগ কাৰ্যালয়ৰ সমীপত ৮ ঘণ্টাতকৈও অধিক সময় ধৰি এক হাই-ভল্টেজ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে প্ৰায় ২৫০ গৰাকী প্ৰতিবাদকাৰীক আটক কৰাৰ ঘটনাৰ পিছতেই মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে ছত্তীশগড় ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, ভ্ৰমণকালত জ্ঞানেশ কুমাৰক ছত্তীশগড় চৰকাৰে ‘ৰাজ্যিক অতিথি’ৰ মৰ্যাদা প্ৰদান কৰিছিল আৰু তেওঁ দন্তেৱাড়াৰ দন্তেশ্বৰী মাতা মন্দিৰ, বাস্তাৰৰ চিত্ৰকূট জলপ্ৰপাত তথা কবিৰধামৰ ভোৰমদেও মন্দিৰ দৰ্শন কৰাৰ কথা আছিল। ৰায়পুৰ প্ৰশাসন আৰু আৰক্ষীয়ে তেওঁৰ আদৰণি তথা নিৰাপত্তাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাই থকাৰ সময়তে আয়োগৰ এই নিৰ্দেশে ভ্ৰমণ পিছুৱাই দিয়ে। ইয়াৰ পূৰ্বেও উত্তৰ প্ৰদেশৰ মীৰাট আৰু বাৰাণসীৰ লগতে লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণো অনুৰূপ বিতৰ্কৰ মাজতে পিছুৱাই দিয়া হৈছিল।

আনহাতে, বুধবাৰেও দিল্লীত আম আদমী পাৰ্টী আৰু কংগ্ৰেছসহ বিৰোধী দলসমূহে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰখাৰ ঘোষণা কৰিছে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *