ৰাষ্ট্ৰীয়

আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশৰ অভিযোগ; ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰ্মচাৰীৰ

নতুন দিল্লীঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে বিৰোধী সাংসদসকলৰ বিৰুদ্ধে আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলি দিল্লী আৰক্ষীক এখন আনুষ্ঠানিক এজাহাৰ দাখিল কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে। নিৰ্বাচন আয়োগৰ কাৰ্যালয় অভিমুখে যাত্ৰা কৰাৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘাতৰ পিছতে সংসদ মাৰ্গত অৱস্থিত আকাশবাণীৰ চৌহদত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

Amazon Great Indian Festival — deals revealed, top deals under ₹499

ঘটনাৰ সূত্ৰপাত হৈছিল মঙলবাৰে দিনৰ ভাগত। ভোট চুৰিৰ অভিযোগ তুলি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সাংসদসকলে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে ‘ভোট চোৰ, গাদ্দী ছোড়’ ধ্বনি দি আগবাঢ়ি যোৱাৰ সময়তে নিৰ্বাচন আয়োগ আৰু সংসদ ভৱনৰ মধ্যৱৰ্তী নীতি আয়োগৰ কাৰ্যালয়ৰ সমীপত আৰক্ষীয়ে বৃহৎ বেৰিকেড দি সাংসদসকলক বাধা প্ৰদান কৰে। সেই সময়তে ৰাহুল গান্ধীয়ে বেৰিকেডৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰে। এই সমদলত প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু এনচিপি-এছপি সাংসদ সুপ্ৰিয়া ছুলেকে ধৰি বিৰোধী মিত্ৰজোঁটৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত আছিল।

নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ যোৱাত বাধাপ্ৰাপ্ত হৈ দুপৰীয়া প্ৰায় ১২ বজাত ৰাহুল গান্ধী আৰু বিৰোধী সাংসদসকলে কাষতে থকা আকাশবাণী ভৱন চৌহদত প্ৰৱেশ কৰি ধৰ্ণা আৰম্ভ কৰে। প্ৰায় আঠ ঘণ্টাতকৈ অধিক সময় ধৰি ভৱনটোৰ চৌহদত এই তীব্ৰ প্ৰতিবাদ অব্যাহত থাকে। পৰৱৰ্তী সময়ত নিশা দিল্লী আৰক্ষীয়ে আকাশবাণী চৌহদৰ পৰা প্ৰতিবাদকাৰীসকলক আঁতৰাবলৈ বলপ্ৰয়োগ কৰে আৰু ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, কে চি বেণুগোপাল, চৰণজিৎ সিং চান্নী, পৱন খেড়া, কে সুৰেশ, দীপেন্দৰ হুদাৰ দৰে নেতাসকলক কিছু সময়ৰ বাবে আটক কৰে। তাৰ পাছতেই আকাশবাণীৰ কৰ্মচাৰীসকলে অনুমতি অবিহনে কাৰ্যালয় চৌহদত জোৰ-জবৰদস্তি সোমাই কাৰ্যালয়ৰ পৰিৱেশ বিঘ্নিত কৰাৰ অভিযোগ তুলি বিৰোধী নেতাসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰ চাপে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *