সেনা বিষয়াৰ নশ্বৰ দেহ লৈ ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা! একমাত্ৰ পুত্ৰসহ চাৰিজনৰ কৰুণ মৃত্যু

লক্ষ্ণৌ, ৪ অক্টােবৰ। হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা এগৰাকী ভাৰতীয় সেনা বিষয়াৰ নশ্বৰ দেহ ঘৰলৈ নি থকাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ গ’ল সেনা বিষয়াগৰাকীৰ একমাত্ৰ পুত্ৰসহ ৩ জন আত্মীয় আৰু এম্বুলেন্স চালকৰ। দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ পুৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত সংঘটিত হয় এই শোকাৱহ ঘটনা। সেনা বিষয়াগৰাকীৰ মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱায় আটাই কেইজনে।

নিহতসকলক ছুবেদাৰ মেজৰ সত্যৱান সিঙৰ একমাত্ৰ পুত্ৰ গৌৰৱ সিং (১৮), ভাতৃ ৰাম সমুজ (৫৫), ভতিজাক ৰাজন সিং (৩৫) আৰু এম্বুলেন্স চালক যশপাল বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, অযোধ্যা-চুলতানপুৰ সীমান্তৰ হালিয়াপুৰৰ সমীপত পুৱা প্ৰায় ৮ বাজি ১৫ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা। খুন্দাৰ প্ৰাবল্য ইমানেই প্ৰচণ্ড আছিল যে এম্বুলেন্সখনৰ সন্মুখৰ অংশ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। ফলত সন্মুখৰ আসনত বহি থকা পুত্ৰ গৌৰৱ আৰু চালক যশপালৰ থিতাতে মৃত্যু ঘটে। ভাগি-ছিগি যোৱা বাহনখনৰ ভিতৰত সোমাই পৰা চালকৰ মৃতদেহটো গেছ কাটাৰেৰে কাটি উলিয়াবলগীয়া হয়। আনহাতে গুৰুতৰভাৱে আহত ৰাম সমুজ আৰু ৰাজন সিঙক ততাতৈয়াকৈ অযোধ্যাৰ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে দুয়ো শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে, দেউৰিয়া জিলাৰ ৰুদ্ৰপুৰৰ বাসিন্দা তথা মীৰাটত কৰ্মৰত ছুবেদাৰ মেজৰ সত্যৱান সিঙে চণ্ডীগড়ৰ কমাণ্ড হাস্পতালত বৃক্ক সংৰোপণৰ চিকিৎসা গ্ৰহণ কৰি আছিল। তিনি দিন পূৰ্বে পঞ্চকুলাত তেওঁৰ মৃত্যু হোৱাৰ পিছত নশ্বৰ দেহ গৃহভূমিলৈ আনিবলৈ গৈছিল ভাতৃ, পুত্ৰ আৰু ভতিজাক। শনিবাৰে বিয়লি এম্বুলেন্সেৰে তেওঁলোকে দেউৰিয়া অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল আৰু আন এখন বাহনত পৰিয়ালৰ অন্যান্য সদস্যসকলেও পিছে পিছে আহি আছিল।

দ্ৰুতবেগী এম্বুলেন্সখনৰ চালকজনে টোপনি যোৱাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা ট্ৰাকখনত প্ৰচণ্ড খুন্দা মৰা বুলি প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত জিলা দণ্ডাধীশ ইন্দ্ৰজিৎ সিং আৰু আৰক্ষী অধীক্ষক বিনীত জয়ছোৱাল উপস্থিত হৈ তদন্তৰ তদাৰক কৰে। ছুবেদাৰ মেজৰ সত্যৱান সিঙৰ নশ্বৰ দেহটো হালিয়াপুৰ থানাত সম্পূৰ্ণ সন্মানেৰে সুৰক্ষিত কৰি ৰখা হৈছে আৰু আইনী প্ৰক্ৰিয়া সমাপ্তিৰ পিছতে সকলোৰে অন্ত্যেষ্টিক্ৰিয়াৰ যাৱতীয় ব্যৱস্থা কৰা হ’ব বুলি জনাইছে প্ৰশাসনে।

Leave a Comment