নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়াত সৰ্পমিত্ৰ আৰু পৰিৱেশ প্ৰেমী হিচাপে জনপ্ৰিয় ইউটিউবাৰ আকাশ যাদৱৰ আচল স্বৰূপ এতিয়া পোহৰলৈ আহিছে। ছত্তীশগড় আৰক্ষীৰ এক বৃহৎ অভিযানত গাঞ্জা সৰবৰাহৰ অভিযোগত আকাশক গ্ৰেপ্তাৰ কৰাৰ পাছতে বুধবাৰে আদালতে তেওঁক ছয় দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পলাতক হৈ থকা এই ইউটিউবাৰগৰাকীক ছত্তীশগড়ত ধৰা পেলাই মঙলবাৰে নিশা মহাৰাষ্ট্ৰৰ অহিল্যানগৰ আৰক্ষী থানালৈ লৈ অহা হয়।
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, আকাশ যাদৱে সৰ্পমিত্ৰৰ পৰিচয়ক ঢাল হিচাপে ব্যৱহাৰ কৰি নিচাজাতীয় দ্ৰব্যৰ এক বৃহৎ নেটৱৰ্ক চলাই আছিল। তেওঁ ওড়িশাৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা ক্ৰয় কৰি মধ্য প্ৰদেশ আৰু নাগপুৰৰ মাজেৰে অহিল্যানগৰলৈ সৰবৰাহ কৰিছিল। আৰক্ষীৰ চকুৰ ধূলি দিবলৈ তেওঁ ট্ৰাকৰ উপৰিও এম্বুলেঞ্চ পৰ্যন্ত ব্যৱহাৰ কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

যোৱা আঠ মাহ ধৰি আৰক্ষীৰ পৰা পলাতক হৈ আছিল আকাশ যাদৱ। যোৱা বছৰৰ ২০ জুনত আৰক্ষীয়ে আকাশৰ ১২ গৰাকী সহযোগীক হাতে-লোটে ধৰা পেলাইছিল যদিও সেই সময়ত আকাশ পলাই সাৰিবলৈ সক্ষম হৈছিল। আকাশৰ এই ড্ৰাগছ নেটৱৰ্কত আন্তঃৰাজ্যিক পৰ্যায়ৰ বহু লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

এই বৃহৎ ড্ৰাগছ ৰেকেটটোৰ সৈতে জড়িত ধনৰ লেনদেন অনলাইনযোগে সম্পন্ন কৰা হৈছিল বুলিও তদন্তত স্পষ্ট হৈছে। আৰক্ষীয়ে ইতিমধ্যে আকাশৰ আৰ্থিক লেনদেনৰ সৈতে জড়িত আন কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এজন জনপ্ৰিয় ছ’চিয়েল মিডিয়া তাৰকাৰ এনে ক’লা অধ্যায় পোহৰলৈ অহাৰ পাছতে মহাৰাষ্ট্ৰজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।









