নিউজ ডেস্কঃ অগ্নিদগ্ধ স্বামীৰ উন্নত চিকিৎসাৰ বাবে আঠ লাখ টকাৰ ঋণ লৈ এখন এয়াৰ এম্বুলেন্স বুক কৰিছিল এগৰাকী দুৰ্ভগীয়া মহিলাই। কিন্তু আটাইতকৈ সুৰক্ষিতৰূপে বিবেচিত এই আকাশী যাত্ৰাৰ সময়তে মৃত্যুৰ কোলাত শুই পৰিল তেওঁলোক।
সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চতৰা জিলাৰ এখন গভীৰ বনাঞ্চলত এয়াৰ এম্বুলেন্সখন ভূপতিত হোৱাৰ ফলত ৰোগী, চিকিৎসকসহ সাতগৰাকী লোকে মৃত্যুক সাৱটি লয়।

প্ৰাণ বচাবলৈ কৰা এই অন্তিম প্ৰচেষ্টাই এটা পৰিয়াললৈ যে এনেদৰে কাল অমানিশা নমাই আনিব, সেয়া কোনেও কল্পনা কৰা নাছিল। মৃত সঞ্জয় কুমাৰ আছিল লাতেহাৰ জিলাৰ চান্দৱাৰ এজন সাধাৰণ ৰেষ্টুৰেণ্ট ব্যৱসায়ী।
যোৱা ১৬ ফেব্ৰুৱাৰীত নিজৰ দোকানত লগা জুইত তেওঁ গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল। ৰাঁচীত চিকিৎসা কৰি থকা অৱস্থাত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে দিল্লীলৈ নিবলৈ পৰামৰ্শ দিয়ে।

সঞ্জয়ৰ জীৱনটো কেনেবাকৈ বচাই আনিব পাৰি বুলি আশা কৰি আত্মীয়-স্বজনৰ পৰা ধাৰ কৰি আৰু ৮ লাখ টকা লোন লৈ পত্নী বাসন্তী দেৱীয়ে এই আকাশী যাত্ৰাৰ ব্যৱস্থা কৰিছিল।
কিন্তু ৰাঁচী বিমানবন্দৰৰ পৰা উৰা মৰাৰ মাত্ৰ ২৩ মিনিটৰ পাছতেই যান্ত্ৰিক বিজুতি আৰু প্ৰতিকূল বতৰৰ বাবে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই বনাঞ্চলত খহি পৰে। এই কৰুণ দুৰ্ঘটনাত সঞ্জয় কুমাৰৰ লগতে তেওঁৰ পত্নী বাসন্তী দেৱী আৰু ভাগিনীয়েক ধ্ৰুৱৰো থিতাতে মৃত্যু হয়।

ইয়াৰ উপৰি বিমানখনত থকা দুজন পাইলট স্বৰাজদীপ সিং আৰু বিবেক তথা চিকিৎসক বিকাশ কুমাৰ গুপ্তা আৰু নাৰ্চিং ষ্টাফ শচীন কুমাৰ মিশ্ৰয়ো এই আকাশী যাত্ৰাতে চিৰদিনলৈ চকু মুদে।
চতৰাৰ আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই জনোৱা মতে, ঘন বনাঞ্চল হোৱাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। যিটো পৰিয়ালে সৰ্বস্বান্ত হৈ মৃত্যুৰ মুখৰ পৰা আপোনজনক ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ বাবে এই যাত্ৰাই এক মৰ্মান্তিক ট্ৰেজেডী হিচাপে পৰিগণিত হ’ল।









