নিউজ ডেস্কঃ পেট্ৰ’ল পাম্পত ধূমপান কৰিবলৈ বাধা দিয়াৰ বাবেই এজন উন্মত্ত যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। ছত্তীশগড়ৰ ৰায়পুৰৰ উৰ্লা অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া এগৰাকী যুৱকে লাইটাৰ ব্যৱহাৰ কৰি ইন্ধনৰ নজেলত জুই লগাই দিয়াত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। পাম্পৰ কৰ্মচাৰীৰ তৎপৰতাত এক বৃহৎ বিস্ফোৰণৰ পৰা অঞ্চলটো কথমপি ৰক্ষা পৰে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ধৰ্মেন্দ্ৰ ক্ষত্ৰী আৰু ইমৰাণ নামৰ দুই যুৱকে এখন বাইকত তেল ভৰাবলৈ আহিছিল। ইন্ধন টেংকীটো খোলাৰ মুহূৰ্ততে ধৰ্মেন্দ্ৰই চিগাৰেট জ্বলাবলৈ চেষ্টা কৰাত পাম্পৰ কৰ্মচাৰীয়ে তেওঁক বাধা দিয়ে। ইয়াতে ক্ষুব্ধ হৈ যুৱকজনে নিজৰ জেপৰ পৰা লাইটাৰ উলিয়াই পাম্পৰ নজেলত জুই লগাই দিয়ে।

মুহূৰ্তৰ ভিতৰতে সেই জুই বাইকৰ টেংকী আৰু পাম্প মেচিনটোলৈ বিয়পি পৰে। অগ্নিশিখা দাউদাউকৈ জ্বলি উঠাৰ লগে লগে তাত থকা লোকসকলৰ মাজত হুৱাদুৱা লাগে। পাম্পৰ এজন কৰ্মচাৰীয়ে সাহসিকতাৰে ইন্ধনৰ পাইপডাল আঁতৰাই মূল যোগান বন্ধ কৰি দিয়ে আৰু লগে লগে অগ্নিনিৰ্বাপক যন্ত্ৰৰ সহায়ত জুই নিৰ্বাপিত কৰে।

এই বিশৃংখলতাৰ মাজতে অভিযুক্ত যুৱকজনৰ গাতো কিছু জ্বলি থকা তেল ছিটিকি পৰে। পাম্পৰ কৰ্মচাৰীয়ে পলাবলৈ চেষ্টা কৰা দুই অভিযুক্তক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। উৰ্লা আৰক্ষীয়ে ইতিমধ্যে চিচিটিভি ফুটেজ পৰীক্ষা কৰি ধৰ্মেন্দ্ৰ ক্ষত্ৰী আৰু ইমৰাণক গ্ৰেপ্তাৰ কৰিছে।
অভিযুক্তদ্বয়ৰ বিৰুদ্ধে ৰাজহুৱা নিৰাপত্তা বিঘ্নিত কৰা আৰু অগ্নিসংযোগৰ গোচৰ ৰজু কৰা হৈছে। পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীৰ সময়োচিত পদক্ষেপে এক সম্ভাব্য বৃহৎ দুৰ্যোগ প্ৰতিৰোধ কৰিলে বুলি আৰক্ষী বিষয়াই জানিবলৈ দিছে।









