বুৰ্খা পিন্ধি কান্ধত কাঁৱৰ লৈ মহাদেৱৰ চৰণত মুছলমান যুৱতীঃ অমৰোহাত দেখা গ’ল সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শন

উত্তৰ প্ৰদেশঃ জাতি, ধৰ্মৰ নামত প্ৰায় প্ৰতিদিনে ন ন সংঘাতৰ অগণি জ্বলা ভাৰতবৰ্ষত এতিয়াও জীয়াই আছে সম্প্ৰীতি। তাৰেই এক অনন্য দৃশ্য পৰিলক্ষিত হ’ল কাঁৱৰ যাত্ৰাৰ সময়ত। ধৰ্মীয় সম্প্ৰীতি আৰু গংগা-যমুনা সংস্কৃতিৰ এক অসাধাৰণ ছবি শনিবাৰে উত্তৰ প্ৰদেশৰ অমৰোহাত পৰিলক্ষিত হয়। এফালে পৰম্পৰাগত বুৰ্খা আৰু আনহাতে কান্ধত কাঁৱৰ লৈ হাজাৰ হাজাৰ ভক্তৰ সৈতে খোজ মিলাইছে এগৰাকী মুছলমান যুৱতীয়ে। তামান্না মালিক নামৰ এই যুৱতীগৰাকীয়ে নিজ ইচ্ছানুসৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও নিজৰ পূৰ্বৰ পৰিচয় সূচক বুৰ্খা পিন্ধিয়েই মহাদেৱক জল অৰ্পণ কৰিবলৈ ওলাই আহিছে।

image 17
বুৰ্খা পিন্ধি কান্ধত কাঁৱৰ লৈ মহাদেৱৰ চৰণত মুছলমান যুৱতীঃ অমৰোহাত দেখা গ’ল সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শন 3

যাত্ৰাপথত তামান্না অমৰোহা জিলাৰ সীমাত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্ন হিন্দু সংগঠন আৰু স্থানীয় ৰাইজে তেওঁক উষ্ম আদৰণি জনায়। কপালত সেন্দূৰৰ তিলক আঁকি কান্ধত কাঁৱৰ লৈ যোৱা তামান্নাক বহু ঠাইত পুষ্পবৃষ্টি আৰু আৰতি কৰি সন্মান জনোৱা হয়। ছ’চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে এতিয়া দেশজুৰি এই বিশেষ যাত্ৰাই চৰ্চা লাভ কৰিছে।

image 18
বুৰ্খা পিন্ধি কান্ধত কাঁৱৰ লৈ মহাদেৱৰ চৰণত মুছলমান যুৱতীঃ অমৰোহাত দেখা গ’ল সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শন 4

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তামান্নাই কয় যে তেওঁ নিজৰ ইচ্ছাৰেই হিন্দু ধৰ্ম আঁকোৱালি লৈছে আৰু ভগৱান শিৱৰ প্ৰতি তেওঁৰ অপাৰ ভক্তি আছে। তেওঁৰ ভাষ্য অনুসৰি- “মই বুৰ্খা পিন্ধিছোঁ কাৰণ এয়া মোৰ পুৰণি পৰিচয়ৰ অংশ, কিন্তু বৰ্তমান মই ভোলেনাথৰ একনিষ্ঠ ভক্ত। মই সকলোৰে পৰা বহুত মৰম আৰু সন্মান পাইছোঁ।”

এই সমগ্ৰ যাত্ৰাৰ সময়ত অমৰোহা প্ৰশাসনে নিৰাপত্তাৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছিল। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ বাবে তামান্নাৰ সৈতে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল। ধৰ্মৰ ঊৰ্ধ্বত মানৱতা আৰু ভক্তিৰ এই নিদৰ্শনে সমাজলৈ এক ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিছে।

Leave a Comment