নিউজ ডেস্কঃ এটি ৯ বছৰীয়া কণমানিৰ ইচ্ছা কি হ’ব পাৰে? হয়তো আপোনাৰ মনলৈও আহিছে- এযোৰ নতুন কাপোৰ অথবা এটি পুতলা? কিন্তু তাৰ পৰিৱৰ্তে পিতৃৰ সুস্বাস্থ্য আৰু পিতৃৰ সুৰাৰ ৰাগীৰ পৰা পৰিত্ৰাণ বিচাৰি ঈশ্বৰৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনালে এটি কণমানিয়ে।
উত্তৰ প্ৰদেশৰ আলিগড়ৰ গম্ভীৰপুৰা অঞ্চলত পোহৰলৈ অহা এই দৃশ্যই এতিয়া সমগ্ৰ দেশবাসীৰ চকু সেমেকাই তুলিছে। দিল্লীৰ পৰা আলিগড়ৰ মোমায়েকৰ ঘৰলৈ অহা এই কণমানিজনীয়ে পিতৃৰ অত্যাধিক মদ খোৱাৰ অভ্যাসৰ বাবে পৰিয়ালত চলি থকা অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ কান্ধত কাঁৱৰ তুলি লৈছে।
পৰিয়ালৰ লোকৰ মতে, শিশুটোৱে তাইৰ পিতৃৰ নিচাসক্ত স্বভাৱৰ বাবে ঘৰত প্ৰায়েই হোৱা কাজিয়া আৰু কন্দলত অতিষ্ঠ হৈ পৰিছিল। সেইবাবেই ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ তাই এই কঠিন যাত্ৰাৰ সংকল্প গ্ৰহণ কৰে। হাতযোৰ কৰি তাইৰ কৰুণ আহ্বান আছিল- “ভোলানাথ, মোৰ দেউতাৰ মদৰ নিচা গুচাই দিয়া, তেওঁ মদ খাই ঘৰত সদায় কাজিয়া কৰে।”
আলিগড়ৰ এই ৯ বছৰীয়া কন্যাক কান্ধত কাঁৱৰ লৈ যোৱা দেখি তাত উপস্থিত থকা প্ৰতিগৰাকী লোক আবেগিক হৈ পৰে। শিশুটোৰ এই দৃঢ় বিশ্বাস যে ভগৱানে তাইৰ নিস্পাপ হৃদয়ৰ প্ৰাৰ্থনা নিশ্চয় শুনিব আৰু তাইৰ পিতৃয়ে এই কু-অভ্যাস ত্যাগ কৰি ঘৰখনলৈ শান্তি ঘূৰাই আনিব।
নিচাযুক্ত দ্ৰব্যই কেনেকৈ এখন সুন্দৰ সংসাৰ আৰু এটা শিশুৰ শৈশৱলৈ আন্ধাৰ নমাই আনিব পাৰে, এই ঘটনাই তাৰেই এক জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে।









