নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ মেৰঠত তথাকথিত ‘লাভ জেহাদ’ৰ অভিযোগ তুলি হিন্দু সংগঠনসমূহে সৃষ্টি কৰা উত্তেজনাময় পৰিৱেশৰ মাজতে আজি সমগ্ৰ ঘটনাটোৱে এক আমোদজনক মোৰ লয়। এজন মুছলমান যুৱকৰ সৈতে বিবাহত বহিবলৈ ওলোৱা এগৰাকী যুৱতীৰ বিৰুদ্ধে ধৰ্মান্তৰকৰণৰ অভিযোগ তুলি হিন্দু সুৰক্ষা সংগঠনে দেওবাৰে তীব্ৰ হুলস্থুলৰ সৃষ্টি কৰিছিল। কিন্তু সোমবাৰে উক্ত যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলি হিন্দু সংগঠনৰ দাবী নস্যাৎ কৰাই নহয়, বৰঞ্চ তেওঁলোকক চৰম বিমোৰত পেলায়।
বেংক মেনেজাৰ হিচাপে কৰ্মৰত যুৱতীগৰাকীয়ে স্পষ্টকৈ জনায় যে তেওঁ হিন্দুই নহয়, গতিকে ধৰ্মান্তৰকৰণৰ প্ৰশ্নই নুঠে। “মই বৌদ্ধ ধৰ্মালম্বী আৰু মূৰ্তি পূজাত বিশ্বাস নকৰোঁ,” বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিয়াখন বৌদ্ধ ধৰ্মৰ ৰীতি-নীতি অনুসৰিহে সম্পন্ন হ’বলৈ থিৰ কৰা হৈছিল। ইয়াৰ লগে লগে হিন্দু সংগঠনসমূহে লাভ জেহাদ বুলি যি ধৰ্মীয় মেৰুকৰণৰ চেষ্টা চলাইছিল, সেয়া ওলোটাই তেওঁলোকৰ ওপৰতহে বুমেৰাঙত পৰিণত হয়।
যুৱতীগৰাকীৰ মতে, সাহিল ওৰফে শ্বাহবাজক তেওঁ যোৱা ৬ বছৰ ধৰি চিনি পায় আৰু সাহিলে নিজৰ ধৰ্ম কেতিয়াও লুকুওৱা নাই। বৰঞ্চ ‘সাহিল’ নামটো তেওঁহে ৰাখিছিল। পিতৃৰ মৃত্যুৰ পাছত সম্পত্তিৰ বিবাদ থকাৰ বাবে তেওঁৰ খুৰাকে হিন্দু সংগঠনক হাত কৰি এই বিবাহখন ৰখাব বিচাৰিছে বুলি তেওঁ গুৰুতৰ অভিযোগ তোলে। সংবিধানৰ উদ্ধৃতি দি তেওঁ কয়, “এইখন এখন গণতান্ত্ৰিক দেশ আৰু ই সংবিধানৰ মতেহে চলিব। মই এজন প্ৰাপ্তবয়স্ক হিচাপে নিজৰ পচন্দৰ মানুহক বিয়া কৰাব পাৰোঁ।”
ইফালে, হিন্দু সংগঠনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ধৰ্মান্তৰকৰণৰ গোচৰ ৰুজু কৰিছে। বিয়াৰ কাৰ্ডত দৰাৰ নাম দুটা পৃথককৈ ছপা হোৱাক লৈ খুৰাকৰ পক্ষই প্ৰশ্ন উত্থাপন কৰি এইটো এটা আন্তৰ্জাতিক নেটৱৰ্কৰ কাম বুলি দাবী কৰিছে। উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ১৩ ফেব্ৰুৱাৰীত হ’বলগীয়া বিয়াখন সম্প্ৰতি স্থগিত ৰখা হৈছে। আৰক্ষীয়ে জনোৱা মতে, সকলো দিশ পৰীক্ষা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।









