অসমীয়াঅসম

সীমান্তত নহয়, এইবাৰ ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ ভিতৰত এই কাম কৰি দেখুৱালে এজন সেনা জোৱানে

নিউজ ডেস্কঃ সীমান্তৰ অতন্ত্ৰ প্ৰহৰী ভাৰতীয় সেনাৰ অযুত কামে সময়ে সময়ে প্ৰভাৱিত কৰি আহিছে দেশবাসীক। পৰিয়ালৰ পৰা বহু যোজন দূৰত থাকিও দেশ আৰু দেশবাসীৰ ৰক্ষাৰ স্বাৰ্থত সদা সন্মুখৰ পৰা নেতৃত্ব দিয়া ভাৰতীয় সেনাৰ এগৰাকী জোৱানৰ এক কামে শেহতীয়াকৈ পুনৰ দেশবাসীক ভাবুক কৰি তুলিছে। এইবাৰ চলন্ত ৰে’লৰ ভিতৰত উশাহ বন্ধ হৈ পৰা এটি ৮ মহীয়া দেৱশিশুৰ জীৱন ঘূৰাই আনি দেশবাসীৰ পৰা প্ৰকৃত বীৰত্বৰ স্বীকৃতি লাভ কৰিছে ভাৰতীয় সেনা জোৱান সুনীলে।

উল্লেখ্য যে, ডিব্ৰুগড় অভিমুখী যাত্ৰী ভৰ্তি ৰাজধানী এক্সপ্ৰেছৰ এছ-৪ কম্পাৰ্টমেণ্টত সৃষ্টি হৈছিল এই ঘটনা। ৰেলখন চলি থকা সময়তে হঠাতে এটি আঠ মহীয়া দেৱশিশুৰ উশাহ-নিশাহ বন্ধ হৈ পৰাত সমগ্ৰ ডবাটোত হুৱাদুৱা লাগে। নিথৰ হৈ পৰা শিশুটি কোলাত লৈ মাতৃয়ে অসহায় হৈ কান্দি থকাৰ সময়তে ত্ৰাণকৰ্তাৰ ৰূপত উপস্থিত হয় একেটা কম্পাৰ্টমেণ্টেৰে যাত্ৰা কৰি থকা ভাৰতীয় সেনাৰ এজন ‘ছেপ’ (এম্বুলেন্স সহায়ক) সুনীল।

ছুটীত ঘৰত সময় কটাই পুনৰ কৰ্মস্থলী অসম অভিমুখে আহি আছিল ৪৫৬ ফিল্ড হস্পিতালৰ সদস্য সুনীলে। তেওঁৰ নিজৰ পৰিচয় নিদিয়াকৈয়ে ততাতৈয়াকৈ শিশুটি নিজৰ কোলাত তুলি লয় আৰু শিশুৰ ক্ষেত্ৰত প্ৰযোজ্য চিপিআৰ আৰম্ভ কৰে। এনেদৰে এক মিনিট চিপিআৰ কৰাৰ পিছত শিশুটি লৰচৰ কৰে আৰু পুনৰ উশাহ ল’বলৈ আৰম্ভ কৰে।

image 2

সেনা জোৱান সুনীলৰ এই জীৱন ৰক্ষাকাৰী পদক্ষেপৰ হাত চাপৰিৰে ৰে’ল যাত্ৰীসকলে আদৰণি জনায়। কিন্তু সেনা জোৱানজনে লগে লগে ৰে’লৰ টিটিই আৰু ৰে’ল আৰক্ষীৰ সৈতে যোগাযোগ কৰি ৰঙিয়া ষ্টেচনত শিশুটিৰ ক্ষিপ্ৰ চিকিৎসাৰ ব্যৱস্থা নিশ্চিত কৰে। বৰ্তমান শিশুটি সম্পৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে।

ইফালে সেনা জোৱানজনৰ এই ‘ঈশ্বৰৰূপী অৱতাৰ’ৰ চিৰ কৃতজ্ঞতা প্ৰকাশ কৰে দেৱশিশুটিৰ পৰিয়ালে। ৰে’ল কৰ্তৃপক্ষইও জোৱানজনৰ শলাগ লৈ কয় যে সেই সময়ত ডবাৰ ভিতৰত তেওঁ উপস্থিত নথকা হ’লে কণমানিটিৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ নহ’লহেঁতেন।

Leave a Reply

Your email address will not be published. Required fields are marked *