পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত! সীমান্তত বিস্ফোৰণ মিজো দুৰ্বৃত্তৰ…

পুনৰ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্ত।

 নিশা আন্তঃৰাজ্য সীমান্তত থকা ভাইছেৰা বিঅ’পিৰ সমীপত বিষ্ফোৰণ।

জিলেটিন ষ্টিক ব্যবহাৰ কৰি বিষ্ফোৰণ কৰাৰ সন্দেহ আৰক্ষীৰ।

বিষ্ফোৰণৰ লগতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ মিজো আই আৰ বেটেলিয়নৰ এজন জোৱান।

যোৱা শুকুৰবাৰে সীমান্তৱৰ্তী কচুৰথল এলেকাত মিজোৰামে পুনৰ দলং নিৰ্মাণৰ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহে।

ইয়াৰ পিছতে যোৱা নিশা সীমান্তত থকা ভাইছেৰা বিঅ’পিৰ মাত্ৰ কেইবা মিটাৰ দুৰত্বত সংঘটিত হয় বিষ্ফোৰণৰ ঘটন‍া।

বিষ্ফোৰণৰ কিছু সময় পিছতে অসমৰ মাটিত ঘূৰি ফুৰা অৱস্থাত মিজো আই আৰ বেটেলিয়নৰ জোৱানজনক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা জোৱানগৰাকী বাৰ্ডেন থাংমা বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতে হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্ত এলেকাত মোতায়েন কৰা হয় বিশাল আৰক্ষী বাহিনী।

উল্লেখ, যোৱা জুলাই মাহত উক্ত স্থানতে দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে মিজোৰামে। কিন্তু অসম-মিজোৰাম শান্তি আলোচনাৰ পিছতে এই নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছিলে মিজোৰামে।

কিন্তু বৰ্তমানে আকৌ এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে সৃষ্টি হৈছে উত্তেজনাৰ।

Leave a Comment