নৱজিৎ শৰ্মা। উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত যান-জটৰ সমস্যা লাঘঁৱ কৰাৰ লক্ষ্যৰে কেবাখনো উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে।
আনহাতে, ৰাজ্যৰ অতি ব্যস্ত অঞ্চল হিচাপে পৰিচিত ৰাজধানী দিছপুৰ অঞ্চলক যানজঁটৰ সমস্যাৰ পৰা চিৰদিনৰ বাবে মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেতু নিৰ্মান কৰা হৈছে।
এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লোকনিৰ্মান বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই জানিবলৈ দিয়া মতে ইতিমধ্যে উৰণীয়া সেঁতুখনৰ নিৰ্মাণকার্য ৯৫ শতাংশতকৈ অধিক সম্পূৰ্ণ হৈছে।
অহা ৩ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই ফ্লাইঅভাৰ মুকলি কৰিব।
লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৭ অক্টোবৰৰ দিনা নিশা ৯ মান বজাত দিছপুৰ লাষ্টগেটৰ দিশৰ পৰা আকস্মিকভাবে উৰণীয়া সেঁতুত উপস্থিত হয়।
Inspected the newly-constructed flyover at Dispur Supermarket, Guwahati.
— Himanta Biswa Sarma (@himantabiswa) October 27, 2021
Happy to see that the flyover is almost ready for inauguration. With the opening of this flyover, traffic congestion in the area will significantly get reduced. pic.twitter.com/xCKsuh0a74
তেওঁৰ কনভয়টো উৰণীয়া সেঁতুৰ ওপৰৰে পাৰ হৈ জি এছ ৰোডেৰে জনতা ভৱনলৈ যায় যদিও মুখ্যমন্ত্ৰীয়ে পদব্ৰজে উৰণীয়া সেঁতুখন পৰিদৰ্শন কৰি জনতা ভৱনলৈ আহে।
পৰিদৰ্শন কালত উৰণীয়া সেঁতু নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ অনিল দাস, সেঁতুখনৰ নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয় বিশ্বজিৎ কলিতা আৰু প্ৰাণজিত তালুকদাৰ, সহকাৰী অভিযন্তাদ্বয় ৰূপক ডেকা আৰু আবু চৈয়দ কনিষ্ঠ অভিযন্তা বুৰহান আহমেদকে ধৰি নিৰ্মাণ কার্যৰ তদাৰক তথা পৰ্যবেক্ষণ কৰি থকা সকলোৰে সৈতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰায় আধা ঘন্টাৰো অধিক সময় উৰণীয়া সেঁতুৰ নিৰ্মাণ কার্য সন্দৰ্ভত মত বিনিময় কৰে।
ডঃ শৰ্মাই ঠিকাদাৰ অনিল দাস আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তা সকলক এটা টীমৰ দৰে কাম কৰি নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কার্য সম্পূৰ্ণ কৰি তোলা বিষয়টোৰ ভূয়সী প্ৰশংসা কৰে।
উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব লাভ কৰা অভিজ্ঞতা সম্পন্ন আৰু গুৱাহাটীৰ কাষৰীয়া মিৰ্জা অঞ্চলৰ অসমীয়া ঠিকাদাৰ অনিল দাসে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি অহা দীপাৱলীৰ আগতে যাতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে দিনে নিশাই কাম কৰি আছে।
কার্যবাঁহী অভিযন্তা বুলুৰঞ্জন ডেকাই সদৰি কৰা অনুসৰি দুইলেন যুক্ত সেতুখনৰ মুঠ দৈৰ্ঘ্য হব ১,২০৫ মিটাৰ। ইয়াৰে গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট সংযোগী জি এছ ৰোডৰ অংশখিনীৰ দৈৰ্ঘ্য হব ৮২৫ মিটাৰ।
তেনেদৰে ছুপাৰ মাৰ্কেটপৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ্য হব ৩৯৪ মিটাৰ।
আনহাতে অহা দীপাৱলীৰ সময়ত উৰণীয়া সেতুখনৰ নিৰ্মাণ যাতে সম্পূৰ্ণ হয় তাৰবাবে দিনে নিশাই তিনি শতাধিক শ্ৰমিকে কাম কৰি আছে।
বৰ্তমান প্ৰায় ৯৫ শতাংশৰো অধিক কাম সম্পন্ন হোৱা উৰণীয়া সেঁতুখনৰ নিৰ্ধাৰিত নিৰ্মাণকার্য তিনি বছৰ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
উৰণীয়া সেঁতুখনৰ নিৰ্মাণকার্য নিৰ্ধাৰিত সময়তকৈ প্ৰায় ১৪ মাহ পূৰ্বে সম্পূৰ্ণ হোৱাটো অসমৰ লোকনিৰ্মাণ বিভাগৰ ইতিহাসত এক উল্লেখনীয় ঘটনা হিচাপে পৰিগণিত হ’ব।
ইয়াৰ উপৰিও উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্যত প্ৰতিটো খণ্ডতে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি বিভাগৰ মুখ্য অভিযন্তাকে ধৰি বিভাগীয় অভিযন্তা – বিষয়া সকলে নিশাৰ ভাগতো উৰণীয়া সেতুলৈ আহি নিৰ্মাণকার্য তদাৰক কৰি আছে।
আনকি ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে বিগত বৰ্ষৰ পৰা মাজে সময়ে চলি থকা লকডাউন, সান্ধ্যআইন আদৰি বাবে কাম কৰাত বহুখিনী সহায়ক হৈছে।
বৰ্তমান ওপৰৰ অংশৰে ঠাই বিশেষে বাহন চলাব পৰা হৈছে।
মুঠ ২৫ টা স্পান থকা উৰণীয়া সেঁতুখনত সৌন্দৰ্য্য বৰ্ধনৰ বাবে বৰ্তমান পেইণ্টিং, পোহৰৰ বাবে স্ট্ৰীট লাইট আৰু সুৰক্ষাৰ বাবে ফেন্সিং স্থাপনৰ শেহতীয়া কাম চলি আছে।
আনকি উৰণীয়া সেঁতুখনৰ আধাতকৈ বেছি অংশত অসমকে ধৰি উত্তৰ পূৱৰ বাৰে ৰহনীয়া কলা – কৃষ্টি , লোক কৃষ্টি, সংস্কৃতি প্ৰতিফলিত হোৱাকৈ চিত্ৰ অংকন কৰা হৈছে।
তেনেদৰে সমগ্ৰ সেঁতুখন নিশাৰ ভাগত পোহৰাই ৰাখিবৰ বাবে উচ্চক্ষমতা সম্পন্ন এল ই ডি লাইট স্থাপন কৰা হৈছে।
আনহাতে উৰণীয়া সেঁতুখন যাতায়তৰ বাবে মুকলি হলে দিছপুৰ কেন্দ্ৰীক যানজঁটৰ সমস্যাৰ পৰা ৰাইজে সকাহ লাভ কৰাৰ লগতে সময় ৰাহি হোৱাৰ লগতে প্ৰদূষণৰ মাত্ৰাও বহুখিনী কমি যাব বুলি কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই সদৰি কৰিছে ।









