পথ দুৰ্ঘটনাত বিজেপি নেত্ৰীৰ মৃত্যু, আহত কন্যা

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেইলাৰ ট্ৰাকে মহটিয়ালে এখন স্কুটী। দুৰ্ঘটনাত ফলত মৃত্যু এগৰাকী বিজেপি নেত্ৰীৰ।

এই দুৰ্ঘটনাৰ স্থান কামৰূপ জিলাৰ ৰঙিয়া-তামুলপুৰ- ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথ।

এই দুৰ্ঘটনাত নিহত হয় বাক্সা জিলা বিজেপিৰ উপ সভানেত্ৰী যামিনী স্বৰ্গীয়াৰী।

জানিব পৰা মতে, সােমবাৰে তামুলপুৰ মহকুমাৰ প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ স্থান পৰিদৰ্শন কৰাৰ বাবে অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত কচুবাৰীলৈ অহাৰ কথা আছিল।

সেই উদ্দেশ্যেৰে যামিনী স্বৰ্গীয়াৰী স্কুটীৰে নিজ কন্যা প্ৰভা স্বৰ্গীয়াৰীৰ সৈতে উক্ত স্থানলৈ গৈছিল।

কিন্তু মন্ত্ৰী কেশৱ মহন্তৰ হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতিৰ বাবে এই কাৰ্যসূচী বাতিল হোৱাত নিজ কন্যাৰ সৈতে কচুবাৰীৰ পৰা স্কুটীৰে ঘৰলৈ যাত্ৰা কৰিছিল বিজেপি নেত্ৰীগৰাকীয়ে।

তেনে সময়তে ভূটান অভিমূখী PB-10- CZ- 9091 নম্বৰৰ ট্ৰেইলৰখনে তামুলপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত যামিনী স্বৰ্গীয়াৰী আৰু তেওঁৰ কন্যা থকা স্কুটিখন মহতিয়াই নিয়ে।

দুৰ্ঘটনাটোৰ ফলত বিজেপি নেত্ৰী গৰাকীৰ লগতে তেওঁ নিজ কন্যা প্ৰভা স্বৰ্গীয়াৰী গুৰুতৰ ভাৱে আহত হয় ৷

সংকটজনক অৱস্থাত প্ৰথমে দুয়োকে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ নিয়া হয়।

পিছত চিকিৎসাধীন অৱস্থাতে ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত যামিনীৰ মৃত্যু হয়।

গুৰুতৰ ভাৱে আহত যামিনীৰ কন্যা প্ৰভা স্বৰ্গীয়াৰী বৰ্তমান ৰঙিয়াত চিকিৎসাধীন হৈ আছে।

Leave a Comment