মহানগৰীত বৃদ্ধ আৱাসীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থাৰ চিন্তা কৰা হৈছেঃ মুখ্যমন্ত্ৰী

বেলতলাৰ চাঞ্চল্যকৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া দম্পতীটোৰ ঘৰত উপস্থিত হয়।

পৰিয়ালৰ সদস্যৰে মত বিনিময়ৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো দিশ পৰ্যবেক্ষণ কৰে।

মুখ্যমন্ত্ৰীয়ে এই হত্যাকাণ্ড সন্দৰ্ভত কয় যে দোষীক চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত সমগ্ৰ বিষয়ক লৈ আৰক্ষী আয়ুক্তই প্ৰকাশ কৰিব। এতিয়া বিষয়টোক লৈ ফৰেন্সিক আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অপেক্ষাত থকা হৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে মহানগৰীত সংঘটিত কোনো অপৰাধৰ পৰা অপৰাধী সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰি মহানগৰীত বৃদ্ধ আৱাসীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থাৰ চিন্তাৰ কথা কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দেহ ব্যক্ত কৰা মতে, এনে ঘটনাৰ আঁৰত এজন–দুজন নহয় কেইবাজনো লোক জড়িত থাকিব পাৰে।

উল্লেখ্য, হত্যাকাণ্ড দম্পতীটোৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰী ওৰফে ৰামুৱে সংঘটিত কৰা বুলি আৰক্ষী ইতিমধ্যে নিশ্চিত হৈছে আৰু অপৰাধীক নিজৰ জিম্মাত লৈছে।

ইফালে দম্পতীৰ বাসগৃহত উপস্থিত দুই কন্যাৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰাৰ লগতে হত্যাকাণ্ডৰ ক্ষোভ প্ৰকাশ কৰি পৰিয়ালটোৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Leave a Comment