ৰাষ্ট্ৰীয়

জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এইখন চৰকাৰে এবছৰলৈ নিষিদ্ধ পানমছলা আৰু গুটখা…

জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এবছৰলৈ নিষিদ্ধ পানমছলা আৰু গুটখা।

পশ্চিমবংগ চৰকাৰে আৰোপ কৰে এই নিষেধাজ্ঞা।

মঙলবাৰে পানমছলা আৰু গুটখা উৎপাদন আৰু বিক্ৰী এবছৰৰ বাবে নিষিদ্ধ কৰে পশ্চিমবংগ চৰকাৰে।

৭ নৱেম্বৰ ২০২১ৰ পৰা ৬ নৱেম্বৰ ২০২২লৈ এই নিষেধাজ্ঞা কাৰ্যকৰী থাকিব।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি সাধাৰণ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে, মমতা বেনাৰ্জী চৰকাৰে ২০১৯ চনত প্ৰথমবাৰৰ বাবে গুটখা, পানমছলা আৰু অন্যান্য ধঁপাতজাত সামগ্ৰী নিষিদ্ধ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *