অসম

দীপাৱলীত আতচবাজী নিষিদ্ধ কৰা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…?

সমাগত পোহৰৰ উৎসৱ দীপাৱলী।

দীপাৱলীক লৈ ইতিমধ্যে সাজু হৈছে ৰাজ্যবাসী।

কিন্তু তাৰ মাজতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক নিৰ্দেশনাই ৰাজ্যবাসীৰ আনন্দ ম্লান কৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জাৰি কৰা নিৰ্দেশনা অনুসৰি এইবাৰ দীপাৱলীত বন্ধ কৰা হৈছে আতচবাজী ব্যৱহাৰ আৰু বিক্ৰী।

এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কৰিছে বিশেষ মন্তব্য।

তেওঁ টুইটাৰত উল্লেখ কৰিছে যে, জমসাধাৰণৰ অনুভূতিৰ কথা মনত ৰাখি সমগ্ৰ বিষয়টো পুনৰীক্ষণ কৰা হ’ব।

উল্লেখ্য যে, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই টাইমছ অৱ ইণ্ডিয়াক কৈছিল যে, সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰদূষণ নিয়ন্ত্ৰণ সংস্থাই এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকক আতচবাজী বিক্ৰী বন্ধ কৰিবলৈ আৰু নিয়ম ভংগকাৰীসকলক আটক কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *