অসমঅসমীয়া

নহিৰা-গােধাপাৰাত বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়ােজন

ৰিপ’ৰ্টঃ দিগন্ত কুমাৰ। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা-গােধাপাৰা গাঁৱত দেওবাৰে এক বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়ােজন কৰা হয়।

Medical Camp 1

স্থানীয় নহিৰা-গােধাপাৰা বেডমিন্টন ক্লাৱৰ উদ্যােগত আৰু বিজয়নগৰৰ শােভা মেডিক’জৰ সৌজন্যত নহিৰা-গােধাপাৰা বুঢ়া ভাঙৰা গােসাঁইঘৰ প্ৰাঙ্গণত অনুষ্ঠিত এই চিকিৎসা শিৱিৰত বৃহত্তৰ নহিৰা-গােধাপাৰা অঞ্চলৰ শতাধিক লােকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে।

M1

এই শিৱিৰত বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত দাস, দন্ত চিকিৎসক ডাঃ আস্থা আগৰৱালা, ডাঃ গায়ত্ৰী শৰ্মাই স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ৰােগৰ বিনামূলীয়া ঔষধাে প্ৰদান কৰে। লগতে বিভিন্ন ৰােগৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভতাে পৰামৰ্শ প্ৰদান কৰে।

M2

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হােৱা এই শিৱিৰৰ আয়ােজনত গােধাপাৰা ৰাইজ গয়ৰহৰ সচিব কমলেশ্বৰ শৰ্মা, নহিৰা-গােধাপাৰা বেডমিন্টন ক্লাৱৰ মুনিন্দ্ৰ দাস, উদীয়মান যুৱকৰ্মী যুগল নাথৰ লগতে অন্যান্য সদস্যবৃন্দই সহায়-সহযােগিতা প্ৰদান কৰে।

M4

ইপিনে, বিজয়নগৰত নতুনকৈ প্ৰতিষ্ঠিত ঔষধ প্ৰতিষ্ঠান শোভা মেডিক’জৰ প্ৰতিনিধি যুগল নাথে জানিবলৈ দিয়া অনুসৰি অনাগত দিনবােৰতাে পলাশবাৰী সমষ্টিৰ বিভিন্ন পিছপৰা অঞ্চলত ৰাইজৰ সুবিধাৰ্থে অনুৰূপ ধৰণে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আয়ােজনৰ পৰিকল্পনা কৰিছে।

M3