পলাতক অৱস্থাত থকা চাৰি বিদেশী নাগৰিক আৰক্ষীৰ জালত।
দৰঙৰ সীমান্ত আৰক্ষীৰ উপ-পৰিদৰ্শক অক্ষয় কুমাৰ তালুকদাৰৰ নেতৃত্বত চলা অভিযানত কলাইগাঁৱৰ জাবেৰিকুছি আৰু মঙলদৈৰ ৬ আৰু ৮ নং ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ হয় এই চাৰিজন বিদেশী নাগৰিক।
আটকাধীন লোক কেইজন হৈছে- মহিৰণ বেগম, কুলচুন বেগম, কুচুমুদ্দিন আলী আৰু জয়নব বিবি।
বহুদিন পূৰ্বে দৰঙৰ বিদেশী ন্যায়াধিকৰণে বিদেশী নাগৰিক বুলি চিনাক্ত কৰিছিল লোক কেইজনক।
বিদেশী বুলি চিনাক্ত হোৱাৰ পিছৰে পৰা আটাইকেইজন লোক পলাতক হৈ আছিল।
জয়নব বিবি নামৰ বাংলাদেশী মহিলা গৰাকীৰ দুবছৰীয়া এটি সন্তানো আছে।
ইতিমধ্যে আটাইকেইগৰাকীকে তেজপুৰৰ ডিটেনশ্যন কেম্পলৈ পঠিওৱা হৈছে।









