অসম

উপ-নিৰ্বাচনত মূল্যবৃদ্ধিৰ কোনো প্ৰভাৱ নপৰে, অসমৰ ভোটাৰ বিবেকৱানঃ ৰঞ্জিত দাস…

ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

উপ নিৰ্বাচনৰ ঢৌৰ মাজতে মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে এক গুৰুত্পূ্ৰ্ণ মন্তব্য।

আগন্তুক উপ-নিৰ্বাচনত মূল্যবৃদ্ধিৰ বিষয়টোৱে কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ।

দাসে কয়- অসমৰ ৰাইজ বিৱেকৱান গতিকে সমাগত নিৰ্বাচনত মূল্যবৃদ্ধিৰ কোনোধৰণৰ প্ৰভাৱ নপৰে। পাঁচোটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব।

ইপিনে, পিয়াঁজৰ দাম কেতিয়াবা ১০০ টকা হয় আৰু কেতিয়াবা ১০ টকা হয় গতিকে ৰাইজ ইয়াক লৈ বেছি চিন্তিত নহয় বুলিও ৰঞ্জিত দাসে উল্লেখ কৰে।

মূল্যবৃদ্ধিৰ কাৰণে ৰাজ্যৰ যোগান মন্ত্ৰী উদ্বিগ্ন বুলি ৰঞ্জিত দাসে উল্লেখ কৰি চাহিদা বেছি থাকি যোগান কম হ’লে মূল্যবৃদ্ধি হোৱাটো স্বাভাৱিক বুলি কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *