ডকাইতিৰ পৰিকল্পনা ব্যৰ্থ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ ডকাইত হাৰেজ আলীক

নিউজ ডেস্ক। অপৰাধী চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

এইবাৰ ডকাইতিৰ পৰিকল্পনা কৰা এটা দুৰ্ধৰ্ষ ডকাইত পৰিল আৰক্ষীৰ জালত।

এই দুৰ্ধৰ্ষ ডকাইতটােৰ নাম হ’ল হাৰেজ আলী। ঘৰ বঙাইগাঁও জিলাৰ গােলাপাৰাত।

জানিব পৰা মতে, উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া আৰু কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অভয়াপুৰী আৰক্ষীয়ে গোলাপাৰা আৰু গণাবিন্নাত অভিযান চলাই সজীৱ গুলীসহ এটা হস্তনিৰ্মিত ৰিভলভাৰ জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ দলটোৱে গােলাপাৰাৰ আব্দুল মজিদৰ পুত্ৰ হাজেৰ আলীৰ ঘৰত অভিযান চলাই এটা ৰিভলভাৰ, চাৰিটা ৭.৬২ পইণ্টৰ সজীৱ গুলী আৰু এখন ডেগাৰ জব্দ কৰে।

আৰক্ষীৰ দলটোৱে হাৰেজ আলীককো গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গোলাপাৰাৰ আশ্ৰাফুল নামৰ এজনৰ ঘৰতো তালাচী চলাই যদিও লোকজন পলাই যাবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৯৯ ধাৰাত ৯০৪/২১ নম্বৰত গোচৰ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment